Rupaliparda.com
সাৰা-বৰুণৰ সৈতে "কুলী নং-১" 1

সাৰা-বৰুণৰ সৈতে “কুলী নং-১”

বলীউডৰ পূৰণি হিট ছবি সমূহক পুনৰ প্ৰস্তুত কৰা অথবা পুৰণি স্মৃতি “ৰিক্ৰিয়েট” কৰা এক প্ৰথা আছে। চিনেমা বুলিয়েই নহয় বহুতো পুৰণি গানৰ নতুন সংস্কৰণ প্ৰস্তুত কৰি দৰ্শকক মনোৰঞ্জন দিয়াও দেখিবলৈ পোৱা যায়। তেনে এক ছবিৰ শ্বুটিংৰ বাবে প্ৰস্তুতি চলাইছে এতিয়া সাৰা আলী খান আৰু বৰুণ ধৱনে। চিনেমাখনখন হৈছে ৯০ দশকৰ জনপ্ৰিয় ছবি “কুলী নং-১”।

সাৰা-বৰুণৰ সৈতে "কুলী নং-১" 2


গোবিন্দ আৰু কৰিশ্মাৰ অভিনয়ৰে “কুলী-১” আছিল সেইটো সময়ৰ এখন জনপ্ৰিয় ছবি। উল্লেখ্য যে, ৫ আগষ্টৰ পৰা বেংকক ত দৃশ্যগ্ৰহণ হ’বলগীয়া ছবিখনত “মে’ ত ৰাষ্টে ছে যা ৰহি থি” নামৰ “আইকনিক গীত” টোৰ পুনৰবাৰ উপস্থাপন কৰা হ’ব। পৰিচালক ডেৱিড ধাৱনে চিনেমাখনক উদ্দেশ্যি কয় যে, “১৯৯৫ চনত উক্ত গীতটোৱে হাজাৰ হাজাৰ দৰ্শকৰ মন টানিছিল। কিন্তু এতিয়া সময় সলনি হৈছে, গতিকে গানটোক সাৰা আৰু বৰুণৰ ভংগিমাৰে ৰিমেক কৰি নতুনত্বৰে উপচাই দৰ্শকৰ মাজত উলিয়াই দিয়া হ’ব”।

সাৰা-বৰুণৰ সৈতে "কুলী নং-১" 3
সাৰা-বৰুণৰ সৈতে "কুলী নং-১" 4


গোৱিন্দ আৰু কৰিশ্মাৰ যুঁটিটোৱে বস্ক অফিচত যেনেদৰে চৰ্চা লাভ কৰিছিল ঠিক তেনেদৰে “কুলী নং-১” ৰ ন-সংস্কৰণৰ ন-যুঁটিয়ে দৰ্শকৰ মন জয় কৰিব নে নাই সেয়া হ’ব লক্ষণীয়।

সাৰা-বৰুণৰ সৈতে "কুলী নং-১" 5

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.