Rupaliparda.com
জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা 1

জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা

ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰীৰ কাহিনীৰে নিৰ্মিত চিনেমা ‘জিয়া’ই মুক্তিৰ পূৰ্বেই অসমত চৰ্চা লাভ কৰিছে। বৰ্তমানৰ সমাজ ব্যৱস্থাটোত অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত।

চিনেমাখনত অন্যতম এটি চৰিত্ৰত অভিনয় কৰা ৰিকি শৰ্মাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে চিনেমাখনৰ অভিজ্ঞতা তেওঁৰ বাবে অনন্য আছিল। “বিশেষকৈ চিনেমাখনৰ বাবে সকলোৱে নিজৰ ১০০ শতাংশ অৱদান আগবঢ়াইছে আৰু ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ কষ্ট চিনেমাখনত প্ৰতিফলিত হৈছে,” ৰিকি শৰ্মাই কয়।

চৰ্চিত এখন চিনেমা

জিয়াৰ পৰিচালনা কৰিছে জনপ্ৰিয় অভিনেতা পৰিচালক কেনী বসুমতাৰীয়ে, প্ৰযোজনা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ। চিনেমাখনত অভিনয় কৰিছে ৰিকি শৰ্মা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আৰু বহুকেইগৰাকী কলা-কুশলীয়ে, সংগীত অম্বৰ দাসৰ।

চিনেমাখন ইতিমধ্যে প্ৰদৰ্শিত হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত আৰু লগতে চিনেমাখনে প্ৰাগ চিনে এৱাৰ্ডত চাৰিটা শাখাত শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছে – ‘শ্ৰেষ্ঠ চিনেমা’, ‘শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনী আৰু শৰ্মিষ্ঠা)’, ‘শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস)’ আৰু ‘শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত)’।

চৰ্চিত এখন চিনেমা

এই প্ৰতিবেদকৰ সৈতে বাৰ্তালাপত শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “মোৰ এগৰাকী বান্ধৱীৰ জীৱনৰ কিছুমান কথা আৰু ঘটনাৰ প্ৰভাৱ এই চিনেমাখনত পৰিছে। এয়া প্ৰযোজক আৰু চিত্ৰনাট্য শিল্পী হিচাপে মোৰ প্ৰথম প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাতে ইমান চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে নিজকে সৌভাগ্যবান যেন অনুভৱ কৰিছোঁ।” তেওঁ লগতে কয়, “মই আশা কৰিছোঁ ছবিগৃহলৈ অহাৰ পাছত দৰ্শকেও চিনেমাখন ভাল পাব।”

জিয়াই  ছবিগৃহত মুক্তি লাভ কৰিব অহা ১৭ মে’ত।

 

Shubhankar Baruah (RJ Jeet)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform