“গেংগছ অৱ ৱাছিপুৰ” ৰ দ্বাৰা বলীউড ক্ষেত্ৰখনত ভৰি ৰখা হোমে খুৰেছীক এইবাৰ দেখা গৈছে নেটফ্লিক্স ওৱেব চিৰিজ “লেলা” ত। ওৱেব চিৰিজৰ জনপ্ৰিয়তাই নিজৰ ফালে আকৰ্ষণ কৰিছে বলীউডৰ বহু তাৰকাক। নৱাজুদ্দিন চিদ্দিকীকে ধৰি ছেইফ আলি খান, আলী জফৰ, পংকজ ত্ৰিপাঠী অভিনীত ওৱেব চিৰিজৰ সফলতাৰ পিছত এইবাৰ হোমা খুৰেছীৰ “লেলা” ই দৰ্শকৰ মন তানিছে।


৬ টা খণ্ড সমৃদ্ধ “লেলা” হৈছে প্ৰয়াগ আকবৰৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত। ধৰ্ম-বিবাদক লৈয়ে নিৰ্মিত কৰা হৈছে “লেলা”। ওৱেব চিৰিজখনত ২০৪৭ চনৰ এক কাল্পনিক স্থান “আৰ্য্যৱৰ্ত” ত সংঘটিত কিছু ধাৰ্মিক বিবাদৰ কাহিনীৰ উপস্থাপন কৰা হৈছে; য’ত মহিলা সকলে নিজতকৈ তলৰ জাতিৰ কোনো পুৰুষৰ লগত বিবাহ হ’লে মহিলা গৰাকীক প্ৰায়শ্চিত্ত অথবা শাস্তি প্ৰদান কৰা হয়।

উক্ত ওৱেব চিৰিজ খনত হোমা খুৰেছী অভিনীত মূখ্য চৰিত্ৰ থকা “শালিনী” ৰ স্বামীক কোনো লোকে হত্যা কৰি তেওঁলোকৰ সন্তান “লেলা” ক অপহৰণ কৰিছে। গতিকে, এই শালিনীৰ এতিয়া মূল লক্ষ্য হৈছে নিজ সন্তানৰ সন্ধান। এই সন্ধানৰ সমছোৱাতে তেওঁ সন্মুখীন হ’ব লাগিব বিভিন্ন ধৰ্ম বিবাদৰ । এয়ে হৈছে “লেলা” ৰ মূখ্য কাহিনীভাগ।

উল্লেখ্য যে, পষ্টাৰ অথবা ট্ৰেইলাৰ মুকলিৰ দিনাৰ পৰা আৰম্ভ কৰি “লেলা” ই পাইছে দৰ্শকৰ সঁহাৰি।
Add comment