Rupaliparda.com
হিমজ্যোতিৰ "তাৰিখ" | চিনেচৰ্চা --উৎপল মেনা 1

হিমজ্যোতিৰ “তাৰিখ” | চিনেচৰ্চা –উৎপল মেনা

হিমজ্যোতিৰ "তাৰিখ" | চিনেচৰ্চা --উৎপল মেনা 2

হিমজ্যোতি তালুকদাৰৰ “তাৰিখ”। ৰূপালী গল্পটোৰ গতিত স্পষ্ট হয়– তাৰিখ: ৩০ অক্টোবৰ। ২০০৮ চনৰ এই দিনটোত মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল৷ ৮১ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে ৪৭০ জনৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে। এই ৰক্তাক্ত সময়ৰ সৈতে সাঙুৰি নিৰ্মাণ কৰিছে “তাৰিখ”ৰ মূল চৰিত্ৰ(কাহিনী-ৰেখাৰ মূল বিন্দু) ৭০ বছৰীয়া দুর্লভ দত্ত। (চিত্ৰনাট্যকাৰ, পৰিচালকে চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথক লৈ। চৰিত্ৰটো নিৰ্মাণত সাহিত্যৰ ভাষা প্ৰয়োগ কৰা নাই। কেমেৰাৰ ভাষা, অভিনেতা গৰাকীৰ শৰীৰ-চেহেৰাৰ ভাষাৰে “চৰিত্ৰ সৌন্দৰ্য”ৰৈ ৰূপান্তৰ কৰিছে।)। কেমেৰাৰৰ ভাষাৰে নিৰ্মাণ কৰা, গতি দিয়া চৰিত্ৰটো ৰূপালী গল্পটোৰ মূল সৌন্দৰ্য। প্ৰথম কথা দুৰ্লভ দত্ত পৰিচালকৰ চৰিত্ৰ। এনে চৰিত্ৰ নিৰ্মাণ সম্ভৱ চিনেমা বিষয়ত দখল থকা, চিনে শক্তি থকা পৰিচালকৰ দ্বাৰাহে। দ্বিতীয় কথা এনে চৰিত্ৰ নিৰ্মাণ সম্ভৱ আভিনেতাৰ অভিনয় শক্তিৰেহে। “দুৰ্লভ দত্ত”ত হিমজ্যোতিৰ চিনে শক্তি (Cine power), “চৰিত্ৰক” লৈ সদা সচেতন অভিনয় শিল্পী অৰুণ নাথৰ অভিনয় শক্তি (Acting power) স্পষ্ট।
–কেমেৰাৰ ভাষাৰ “দুৰ্লভ দত্ত”ৰ গতি। গীত শুনিছে, চাহ বনাইছে, চচমা জোৰ পিন্ধিছে, (হয়তো দেখাত দিগদাৰ পাইছে! চচমাৰ আয়না দুখন চাফা কৰি লৈ আকৌ পিন্ধিছে। কলম এটা হাতত তুলি লৈছে, খাম এটাত “ঠিকনা” লিখিছে! ঘৰটোৰ বাহিৰলৈ “দুৰ্লভ দত্ত”ৰ গতি।
–আৰক্ষী বিষয়া এগৰাকীক ঠিকনা লিখা খামটো দিয়ে। আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপৰ পৰা জনা যায়– পত্ৰ খন মুখ্যমন্ত্ৰীলৈ লিখিছে, মুখ্যমন্ত্ৰীৰ নামটো “আকৌ ভুল”কৈ লিখিছে। (কেমেৰাৰ ভাষাত দেখা যায়– “…গগৈ” লিখিছে।) বুজা যায়– একে ধৰণৰ পত্ৰ লৈ আৰক্ষী বিষয়া গৰাকীৰ ওচৰলৈ পূৰ্বেও আহিছিল দুৰ্লভ দত্ত। “ছাৰ, আপুনি আৰু আহিব নালাগে নেকি!” –আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপ।
–দুৰ্লভ দত্তই কিবা বিচাৰিছে, কাৰোবাৰ সন্ধান কৰিছে! কাহিনী বহু খিনি আগবঢ়াৰ পাছত দৰ্শকে জানিব পাৰে নিজৰ পুত্ৰৰ সন্ধান কৰিছে, ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত মৃত্যু হোৱা পুত্ৰৰ।

হিমজ্যোতিৰ "তাৰিখ" | চিনেচৰ্চা --উৎপল মেনা 3
–শিক্ষক আছিল দুৰ্লভ দত্ত। কলেজত পঢ়ুৱাইছিল। পত্নীৰ মৃত্যু হৈছিল, পুত্ৰৰ সৈতে সুখৰ সময় পাৰ কৰিছিল। বন্ধুৰ দৰে সম্পৰ্ক আছিল পুত্ৰৰ সৈতে। পুত্ৰৰ মৃত্যু হৈছিল! পুত্ৰৰ মৃত্যু মানি লব পৰা নাছিল! সেই “দিন”টোতে মন-মগজু ৰৈ গৈছিল দুৰ্লভ দত্তৰ। (Post-traumatic stress disorder নামৰ এটা বিশেষ মনোৰোগত আক্ৰান্ত চৰিত্ৰটো।)
–মূল বিন্দুটো গতি লোৱাৰ পাছত আকাৰ লোৱা এই গল্প বুজাত আমি দিগদাৰ অনুভৱ কৰা নাছিলোঁ। কেমেৰাৰ ভাষাই দুৰ্লভ দত্ত কেন্দ্ৰিক “সাঁথৰ” নিৰ্মাণ কৰিছে, “সাঁথৰ ভাঙিছে” কাহিনীৰ গতিত পৰিপাটিকৈ গুঠা, নিৰ্মাণ কৰা চৰিত্ৰৰ (পার্শ্ব চৰিত্ৰ!) ওঁঠত দিয়া সাহিত্যৰ ভাষাৰে।
–মূল বিন্দুৰ গতিত “চৰিত্ৰ” গুঠা দিশটো ৰূপালী গল্পটোৰ আন এটা ইতিবাচক দিশ। চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত যেতিয়া মনলৈ আহিছে, দুৰ্লভ দত্ত অকলে থাকে নেকি! ঠিক তেতিয়াই এটা চৰিত্ৰ “পৰ্দা”লৈ আনিছে। ঘৰত কাম কৰা মহিলা এগৰাকীৰ “চৰিত্ৰ” ৰাধা, স্বামী বসন্ত আৰু কিশোৰী সন্তানটোৰ সৈতে দুৰ্লভ দত্তৰ ঘৰতে থাকে। অশান্ত মনৰ দুৰ্লভ দত্তক অকলে এৰি যাবলৈ ৰাজি নহয় ৰাধা। ৰাধাৰ মাকেও এই খন ঘৰেতে কাম কৰিছিল। ৰাধা-বসন্তই দুৰ্লভ দত্তক দেউতা বুলি মাতে। অতি কম ফুটেজতে কৰা “চৰিত্ৰ” তিনিটাৰ বিন্যাসো পৰিপাটি।
কাহিনীক গতি দিবলৈ পৰিচালকে নিৰ্মাণ কৰিছে আন এটা চৰিত্ৰ, বলোৰাম দাসক লৈ। এগৰাকী সাংবাদিকৰ (পৰ্টেল এটাৰ সৎ সাংবাদিক। “চৰিত্ৰ”টো মনেৰে মানি ল’ব নোৱাৰিলোঁ। ত্ৰুটি মুক্ত নহয়।)। (প্ৰথম অৱস্থাত দেখা যায়– ঘৰত অকলে থাকে, পত্নী-এক মাত্ৰ কন্যা সন্তানৰ অপেক্ষাত আছে।) দুৰ্লভ দত্তৰ ওচৰ চাপে, মানসিক চিকিৎসকৰ সহায়ত দত্তক স্বাভাৱিক অৱস্থালৈ আনিবলৈ যত্ন কৰে, সফল হয়।
ৰূপালী গল্পটোৰ শেষৰ দৃশ্যাংশত দুৰ্লভ দত্তই ছবি আঁকি থকা কণমানিজনীলৈ আগবঢ়াই দিয়ে এপেকেট ৰং পেঞ্চিল। দত্তৰ চেহেৰাত– সুখৰ ৰং।
ৰূপালী গল্পটোৰ শেষত দৰ্শকে জানিব পাৰে সাংবাদিক গৰাকীয়ে অপেক্ষাত থকা পত্নী-কন্যা সন্তানৰ মৃত্যু হৈছে ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত। সাংবাদিক গৰাকীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা কাহিনী বিন্যাস পৰিপাটি, শেষ বিন্দুত চমক।
অৰুণ নাথ, বলোৰাম দাসৰ লগতে আমাক চুই যোৱা আন দুটা চৰিত্ৰ– বসন্ত মেকানিক আৰু ৰাধা। চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে কুল কুলদীপ, স্বাগতা ভৰালীকলৈ। বাকীসকল অভিনেতা-অভিনেত্ৰীৰো অভিনয়
অনন্য, চুই যোৱা।
ৰূপালী গল্পটোৰ ইতিবাচক আন চাৰিটা দিশ– অনিৰুদ্ধ বৰুৱাৰ কেমেৰাৰ কাম (শ্বট নিৰ্মাণ, শ্বট নিৰ্বাচন), দেৱজিত গায়নৰ শব্দ অলংকাৰ, উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনা, তৰালি শৰ্মাৰ সংগীত (আৱহ সংগীত, গীত)।

Utpal Mena

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.