
দিন নহয়, বহু বছৰৰ পাছত লগ পালোঁ– অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু (সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী) পবিত্ৰ মাৰ্ঘেৰিটাক। ভাল লাগিল। ভাল লাগিল গায়ত্ৰী-পবিত্ৰৰ সন্তান সূৰ্যাংগ জিউ মাৰ্ঘেৰিটাই চিনে-পথত খোজ দিছে। প্ৰ’মো আৰু চোৱাৰ সুযোগ পোৱা গীত দুটাৰ কথা মনত ৰাখি ক’ব পাৰি– জিউৰ সৱল চিনে-যাত্ৰা আৰম্ভ হ’ব “হোমৱ’ৰ্ক” শিশু চিনেমা খনেৰে। পৰিচালক: অচিন্ত শংকৰ। চিনেমা খনৰ বিষয়-বস্তু “শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতিৰ সৈতে পিতৃ-মাতৃৰ দায়বদ্ধতা”। কাহিনী-ৰেখাৰ গতিত হয়তো দৰ্শকে “প্ৰশ্ন এটা” অনুভৱ কৰিব– আমি অভিভাৱক সকলে, শিক্ষক সকলে শিক্ষাৰ নামত হোমৱ’ৰ্কৰ নামত কিশোৰ সন্তানক, ছাত্ৰ-ছাত্ৰীক (আমি যেন…) যন্ত্ৰলৈ ৰূপান্তৰ কৰা নাইতো! চিনেমা খনত ব্যৱহাৰ কৰা “আমি যেন যন্ত্ৰ…” আৰু “কিতাপৰ বোজা…” গীত দুটাৰ চিত্ৰায়ণ দেখাৰ পাছত আমাৰ অনুভৱ– কাহিনীৰ আংগহৈ নিশ্চয় ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হ’ব।
আজি পাঞ্জাবাৰীস্থ আইদেউ টকীজত চিনেমা খনৰ দুটা #Trailer মুকলি কৰা হয়। অসমীয়া আৰু হিন্দীত। (হয়, হিন্দীলৈ ডাব কৰা হৈছে এই অসমীয়া চিনেমা খন।) ট্ৰেইলাৰ দুটাই ইংগিত দিছে ৰূপালী গল্পটোৰ দ্ৰুত গতি; আৰু ৰূপালী গল্পটো কেৱল কিশোৰ দৰ্শকৰ নহয়, ডাঙৰ সকলেও চোৱাৰ প্ৰয়োজন আছে।

–এই চিনেমা খনত অভিনয় কৰিছে গায়ত্ৰীয়ে। সম্ভৱতঃ “পলে পলে উৰে মন’ৰ (২০১১) পাছত! বিবাহ, সন্তান, দায়িত্ব আৰু তাৰ মাজতে অধ্যয়ন। এতিয়া আকৌ উভতি আহিছে অভিনয়লৈ। নির্বাণ (পৰিচালক: কৌশিক নাথ) নামৰ আন এখন অসমীয়া চিনেমাতো অভিনয় কৰিছে।
সূৰ্যাংগ জিউ, গায়ত্ৰীৰ লগতে “হোমৱ’ৰ্ক”ত অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, শিশু শিল্পী বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদিয়ে। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ। চিত্ৰগ্ৰহণ ৰূপমজ্যোতিশইকীয়াৰ। চিনেমা খনৰ পৰিচালকৰ কাহিনীৰে চিত্ৰনাট্য হিমাংশু নাথৰ।
–চিনেমা চিত্ৰগৃহলৈ আহিব অহা ২৬ চেপ্তেম্বৰত। ভাললগা খবৰ: চিনেমা খনে ইতিমধ্যে ৰামেশ্বৰম আন্তর্জাতিক চলচিত্র মহোৎসৱ, গোৱা আন্তর্জাতিক চলচিত্র প্রতিযোগিতা, টামিজগাম আন্তর্জাতিক চলচিত্র মহোৎসৱ, উৰুৱতী আন্তর্জাতিক চলছচিত্র মহোৎসৱত ক্রমে শিশু অভিনেতা, শ্রেষ্ঠ ছবি আদি শিতানত বঁটা লাভ কৰিছে।
প্ৰেছ বিজ্ঞপ্তিৰ পৰা সংযোজন:
📌Cinedubs ব জৰিয়তে:
চিনেমা খন চিনেডাবচ নামৰ এটা মোবাইল এপৰ জৰিয়তে (চিত্ৰগৃহলৈ গৈ) এপটোত নির্দিষ্ট চিনেমাখন বাছনি কৰি অসমীয়া অথবা হিন্দী ভাষাত উপভোগ কৰিব পাৰিব। লগতে এই এপৰ জৰিয়তে দিব্যাংগসকলেও চিনেমা খন উপভোগ কৰিব পাৰিব। চৰকাৰী নিয়ম অনুসৰি দৃষ্টিহীন আৰু মূকবধিৰ লোকৰ বাবে প্ৰয়োজনীয় Audio Description & Closed Captions ইয়াত সঠিক ৰূপত উপলব্ধ কৰা হৈছে । মূকবধিৰ দৰ্শকৰ বাবে Audio Description থাকিব, চিনেমাৰ প্রতিটো কথা লিখিত ৰূপত দেখিবলৈ পাব । দৃষ্টিহীন দর্শকৰ বাবে Close Captions থাকিব, য’ত চিনেমাৰ প্ৰতিটো দৃশ্যাংশৰ হুবহু বর্ণনা থাকিব ।

📌কাহিনী: এটি শিশুক লৈ আৰম্ভ হৈছে যদিও ই কেরল শিশু চলচ্চিত্র নহয়। এই চিনেমাখনে প্ৰতিগৰাকী শিশুৰ বৰ্তমান আৰু ভবিষ্যতৰ কথা ক’ব, প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ শৈশৱৰ কথা ক’ব আৰু সন্তানৰ বৰ্তমানটোক আৰু সুন্দৰ কৰাৰ কথা ক’ব। সন্তানৰ সুন্দৰ ভবিষ্যত লৈ সজাগ সকলো অভিভাৱক, ছাত্র-ছাত্রীক জ্ঞানৰ পোহৰ দিয়া শিক্ষা গুৰু, পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলোতে প্রথম হ’বলৈ প্রতিযোগিতাত দৌৰি থকা শিশু আটায়েৰে বাবে উপযোগী চিনেমা হোমৱর্ক। কাহিনীৰ মূল নায়ক শিশু যদিও এই কাহিনীৰ প্ৰতিটো চৰিত্ৰই সমাজৰ বিভিন্ন স্তৰৰ লোকক সাঙুৰি লৈছে। প্রতিনিধিত্ব কৰিছে বিভিন্ন বয়স আৰু বৃত্তিৰ মানুহক।







Add comment