Rupaliparda.com

গায়ক হিমেশৰ নতুন ছবি “হেপ্পী হাৰ্ডি এণ্ড হিৰ”-

গায়ক হিমেশৰ নতুন ছবি "হেপ্পী হাৰ্ডি এণ্ড হিৰ"- 1
গায়ক হিমেশৰ নতুন ছবি "হেপ্পী হাৰ্ডি এণ্ড হিৰ"- 2

দ্বৈত ভূমিকাৰ সৈতে আকৌ এবাৰ ডাঙৰ পৰ্দাত অৱতীৰ্ণ হ’ব হিমেশ ৰেচমিয়া। “হেপ্পী হাৰ্ডি এণ্ড হিৰ” নামৰ চিনেমাখনৰ ইতিমধ্যে টিজাৰ মুকলি হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহত ট্ৰেইলাৰৰ লগতে ছবিখনে মুক্তি লাভ কৰিব চেপ্তেম্বৰ মাহত। বাণ্টি ৰাথোৰে লিখা ত্ৰিকোণ প্ৰেম কাহিনীৰ ওপৰত নিৰ্মিত উক্ত ছবিখনৰ পৰিচালনা ৰাকাৰ। সংগীতত কণ্ঠদান কৰাকে ধৰি সংগীত প্ৰযোজনাও হিমেশ ৰেচমিয়াৰ। মুঠ ৮ টা গান সংযোজিত ছবিখনত হিমেশ ৰেমচিয়াৰ লগতে কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষাল, অৰিজিৎ সিং আৰু জুবিন নৌটিয়ালে। হিমেশ ৰেমচমিয়াৰ সৈতে ছবিখনত নায়িকা ৰূপে আছে চনিয়া মন।

গায়ক হিমেশৰ নতুন ছবি "হেপ্পী হাৰ্ডি এণ্ড হিৰ"- 3
গায়ক হিমেশৰ নতুন ছবি "হেপ্পী হাৰ্ডি এণ্ড হিৰ"- 4

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.