Rupaliparda.com

কেবিনেটত গৃহীত অসমীয়া চলচিত্ৰৰ নতুন নীতিঃ

অসমীয়া চলচিত্ৰ জগতলৈ সুখবৰ। ৰাজ্যিক কেবিনেট বৈঠকত অসম চৰকাৰে কেইবাটাও নীতিৰ লগতে নতুন চলচিত্ৰ নীতিতো অনুমোদন জনোৱাৰ সিদ্ধান্ত লয়। নতুন চলচিত্ৰ নীতি অনুসৰি ১ কোটি টকা মুঠ খৰচৰে নিৰ্মাণ কৰা ছবিসমূহক ২৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ পিছত, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিনেমাই ১কোটি টকা লাভ কৰাৰ লগতে অস্কাৰৰ বাবে মনোনীত ছবিয়ে লাভ কৰিব ২কোটি টকা।

কেবিনেটত গৃহীত অসমীয়া চলচিত্ৰৰ নতুন নীতিঃ 1
কেবিনেটত গৃহীত অসমীয়া চলচিত্ৰৰ নতুন নীতিঃ 2


ইয়াৰ উপৰিও, অভিনেতা-অভিনেত্ৰীকে ধৰি শিল্পী সমূহৰ অৰ্থে দৰ্শকে কিনা প্ৰত্যকটো টিকটৰ পৰা ১টকাকৈ সংগ্ৰহ কৰি এটা কৰপাছ ফাণ্ড মুকলিৰ সিদ্ধান্ত লোৱা হৈছে। লগতে, বছৰি ৫০ লাখলৈকে ৫বছৰৰ বাবে ২ টকাকৈ প্ৰতি ইউনিটৰ পাৱাৰ ছাবচিডি, ২৫ লাখলৈকে ৫০ শতাংশ জেনেৰেটিং ছাবচিডি, ভূমি ক্ৰয়ৰ বাবদ ২৫ লাখলৈকে ১০০ শতাংশ ষ্টেম্প ডিউটিৰ ৰেহাই, কিবা কাৰণত প্ৰযুক্তিগত হস্তান্তৰ হ’লে ১০ লাখ টকালৈ ৭৫ শতাংশ ৰাজ সাহায্য তথা ৫লাখ টকালৈকে এম এছ এম ইলৈ ৩০ শতাংশ ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত নতুন চলচিত্ৰ নীতি অনুসৰি গ্ৰহণ কৰা হয়।

কেবিনেটত গৃহীত অসমীয়া চলচিত্ৰৰ নতুন নীতিঃ 3
কেবিনেটত গৃহীত অসমীয়া চলচিত্ৰৰ নতুন নীতিঃ 4

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform