Rupaliparda.com

নেটফ্লিক্সত পুনৰবাৰ কিং খানঃ

বলীউডৰ কিং খানক পুনৰবাৰ দেখা যাব নেটফ্লিক্সত। অভিনেতা শ্বাহৰুখ খানে পূৰ্বতে তেওঁৰ দুখন ৱেব চিৰিজ “ক্লাছ অৱ ৮৩” ৰ লগতে “ৱাৰ্ড অৱ ব্লাড” ৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ পিছতেই এখন হ’ৰৰ চিৰিজ “বেতাল” ৰ কথা পোহৰলৈ আহিছে। “বেতাল” ৰ কাহিনীৰ লগতে পৰিচালনা পেট্ৰিক গ্ৰাহামৰ। সহঃপ্ৰযোজনা নেটফ্লিক্স, ৰে’ড চিল্লি এণ্টাৰটেইনমেণ্ট আৰু গৌৰৱ বৰ্মাৰ। উক্ত চিৰিজ খনত অভিনয় কৰিছে বিনীত কুমাৰ সিং আৰু আহানা কুৰ্মাই।

নেটফ্লিক্সত পুনৰবাৰ কিং খানঃ 1
নেটফ্লিক্সত পুনৰবাৰ কিং খানঃ 2


ইয়াৰ উপৰিও, কিং শ্বাহৰুখ খানৰ সহঃপ্ৰযোজনাৰে নেটফ্লিক্স আহিবলগীয়া ৱেব চিৰিজ “ৱাৰ্ড অব ব্লাড” ৰ তাৰিখ নিৰ্ণয় কৰা হৈছে। চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ ২৭ তাৰিখে মুক্তি পাবলগীয়া এই চিৰিজখনত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ইমৰান হাছমীয়ে। ৭ টা খণ্ড যুক্ত এই ৱেব চিৰিজখনৰ কাহিনীভাগ বিলাল চিড্ডিকীৰ একে নামৰ কিতাপৰ পৰা তুলি লোৱা হৈছে। “ৱাৰ্ড অৱ ব্লাড” ত ইমৰান হাছমীৰ লগতে অভিনয় কৰিছে বিনীত কুমাৰ সিং, সভিতা ধূলিপালা, কৃতি কুলহাৰী, গৌৰৱ বৰ্মা আৰু ৰঞ্জিত কাপুৰে।

নেটফ্লিক্সত পুনৰবাৰ কিং খানঃ 3

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform