ডকুমেণ্টৰী নিৰ্মাণেৰে বাংলা ছবি জগতলৈ পৰিচালক ৰূপে খোজ দিয়া গৌতম ঘোষৰ জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁক জনাইছো অশেষ শুভকামনা। এগৰাকী সুদক্ষ পৰিচালকৰ লগতে তেওঁ এজন সংগীত পৰিচালক তথা চিনেমেট’গ্ৰাফাৰো। ১৯৭৩ চনত প্ৰথম খন ডকুমেণ্টৰী “নিউ আৰ্থ” নিৰ্মাণৰ পৰাই তেওঁ কেইবাখনো লেখত ল’বলগীয়া বাংলা ভাষাৰ ছবিকে ধৰি হিন্দী আৰু টেলেগু ভাষাৰ ছবিও নিৰ্মাণ কৰে।


পৰিচালক গৰাকীৰ বাংলা চিনেমা “ধাকাল”-এ ১৯৮২ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত “বেষ্ট ফিচাৰ ফিল্ম” ৰ বঁটা লাভ কৰে। “পাৰ”, “অন্তৰজলী য়াত্ৰা”, “পদ্ম নদীৰ মাঁঝী”, “দেখা” আৰু “য়াত্ৰা” য়ে ৰাষ্ট্ৰীয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। পৰিচালক গৰাকীয়ে ছবি নিৰ্মাণৰ লগতে কেইবাখনো ছবিত অতিথি শিল্পীৰ চৰিত্ৰতো অভিনয় কৰিছে।







Add comment