“ডাবাং-৩” ত এইবাৰ মুন্নী নহয়; হ’ব মুন্না বদনাম। “মুন্না বদনাম” শীৰ্ষক গীতটিত ছলমান খান আৰু ৱাৰ্ণিয়াৰ সৈতে তালত তাল মিলাব জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ প্ৰভূদেৱাইও। প্ৰত্যেক বাৰৰ দৰে এইবাৰো গীতটোত দেখা যাব অভিনেতা ছলমানৰ খানৰ কিছু ইউনিক ষ্টেপ। ছলমানে গীতটোত যিকেইটা “ষ্টেপ” কৰিছে সেইকেইটা বৰ্তমান সময়ৰ অভিনেতাৰ বাবেও সহজ নহ’ব বুলি কিছু তথ্যৰ দ্বাৰা গম পোৱা গৈছে। “মুন্না বদনাম” জনপ্ৰিয় হোৱাৰ আঁৰত থাকিব ৱাৰ্ণিয়াও। পূৰ্বতে কোনোৱে নেদেখা কিছু ষ্টেপৰ সৈতে দেখা পাব দৰ্শকে ৱাৰ্ণিয়াক।

“মুন্না বদনাম” সংগীতটিত কমল খানৰ লগতে তাত “ৰেপ” ৰ সংযোজন কৰিছে বাদশাহে। “ডাবাংগ-৩” ৰ এই তৃতীয় সংস্কৰণটোত ছলমানৰ লগতে অভিনয় কৰিছে সোণাক্ষী সিনহা,আৰৱাজ খান,মাহী গিল, মহেশ মাঞ্জেকাৰ, সন্দীপ লগতে ন-পুৰণি কিছু অভিনেতা-অভিনেত্ৰীয়ে।

Add comment