জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ২০১৪ চনৰ ৩ জানুৱাৰীত মুক্তিপ্ৰাপ্ত এখন ছবি হৈছে “অজেয়”। ১১৬ মিনিট দৈৰ্ঘ্যৰ ছবিখন শিৱেন আৰ্টছৰ বেনাৰত শংকৰ লাল গোৱেংকাই প্ৰযোজনা কৰিছে। ১৯৯৭ চনত অৰুণ শৰ্মাৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস “আশীবাৰ্দৰ ৰং” ৰ পৰা চিনেমাখনৰ কাহিনীভাগ তুলি লোৱা হৈছে।

প্ৰাক-স্বাধীনতাৰ সেই কালছোৱাৰ বিভিন্ন পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে “অজেয়”। মূল চৰিত্ৰ “গজেন কেওঁট” নামে এজন ডেকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৰূপম চেতিয়াই। এখন পিছপৰা গাঁৱত নিজ আইতাকৰ সৈতে জীৱন নিৰ্বাহ কৰে যুৱক জনে। গাঁওখনত অসমীয়া লগতে মুছলিম জনজাতি একেলগে থাকিলেও বৰ্ণ বৈষম্যই এক গুৰত্বত স্থান লাভ কৰি আহিছে। যুৱক গজেন কেওঁটে তেওঁৰ শিক্ষা জীৱন আধাতে সাং কৰি এগৰাকী মুছলিম ছোৱালীক পঢ়ুৱায়। ছবিখনৰ কাহিনীভাগ গজেন কেওঁটৰ চাৰিওফালে ঘূৰি আছে। তেওঁ গান্ধীৰ বিভিন্ন নীতিক মানি চলাৰ উপৰিও সমাজৰ বৰ্ণ বৈষম্য আৰু বাল্য বিবাহৰ প্ৰৱল বিৰোধিতা কৰিছিল। প্ৰাক-স্বাধীনতাৰ পটভূমিত ৰচিত কৰা হৈছে ছবিখন গতিকে মূখ্য চৰিত্ৰ গজেনে বিশ্বাস কৰিছিল যে যেতিয়াই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিব তেতিয়াই এই সামাজিক ব্যাধি সমূহ দূৰ হ’ব। “অজেয়” ৰ এয়াই হৈছে মূল কাহিনীভাগ।


ৰূপম চেতিয়াৰ লগতে ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, কপিল বৰা, জুপিতৰা ভূঞা, ৰিম্পী দাস, মুনমী কলিতা, সৌৰভ হাজৰিকা, ৰুবী মহন্ত, লক্ষ্মী বৰঠাকুৰ, সঞ্জীৱ খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, মহেশ বৰা আৰু প্ৰধান দেউৰী আদিকে ধৰি কিছু ন-পুৰণি শিল্পীয়ে। ছবিখনৰ সংগীত সংযোজন কৰিছেে ধ্ৰুৱজ্যোতি ফুকনে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল অসমৰ ঢলা আৰু তিনিচুকীয়া জিলাত।

“অজেয়” ছবিখনে ৬১-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
Add comment