|উৎপল মেনা
চিনেমাৰ নিৰ্মাণ, প্ৰচাৰ আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত আৱেগসৰ্বস্ব দৃষ্টিভংগীৰ পৰিৱৰ্তে “চিনে-কৰ্ম”ৰ পেছাদাৰী চিন্তা, সুপৰিকল্পিত ব্যৱস্থাপনা আৰু বাস্তৱসন্মত কৰ্মপদ্ধতিক অগ্ৰাধিকাৰ দিব লাগে। কেৱল অসমীয়া চিনেমা বুলিয়েই এখন চিনেমাৰ সাফল্য নিশ্চিত হ’ব নোৱাৰে। অসমীয়া চিনেমাক অসমীয়া পৰিচয় অথবা আন কোনো আৱেগিক পৰিসৰৰ মাজত সীমাবদ্ধ নাৰাখি চিনেমাৰ নিজস্ব শিল্পভাষা, নান্দনিকতা আৰু বিষয়গত গভীৰতাৰে প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক সম্ভাৱনাৰ প্ৰতিও সমান গুৰুত্ব দিব লাগে।
অসমীয়া চিনেমা নিৰ্মাণৰ সময়ত আঞ্চলিক পৰিচয়ৰ প্ৰতি দায়বদ্ধতাৰ লগতে চিনেমাৰ সাৰ্বজনীন শিল্পমূল্য আৰু বজাৰ-বাস্তৱতাৰ প্ৰতিও সচেতন হ’ব লাগিব। (ভাষা আৰু ভূগোলে এখন চিনেমাৰ পৰিচয় নিৰ্ধাৰণ কৰিব পাৰে, কিন্তু তাৰ শিল্পগুণ, কথনশৈলী, নিৰ্মাণৰ অভিনৱত্ব আৰু বিষয়বস্তুৰ গভীৰতাইহে চিনেমাখনৰ গ্ৰহণযোগ্যতাৰ পৰিসৰ নিৰ্ধাৰণ কৰে।) বাণিজ্যিক সফলতাক কেৱল উপাৰ্জনৰ অংকেৰে বিচাৰিলে নহ’ব; চিনেমাখনৰ নিৰ্মাণ ব্যয়, দৰ্শকৰ ৰুচি, প্ৰচাৰ কৌশল, প্ৰদৰ্শনৰ পৰিসৰ আৰু বিনিয়োগৰ বিপৰীতে আয়ৰ সম্ভাৱনা– এই সকলো দিশৰ এক বাস্তৱসন্মত সমন্বয়ৰ প্ৰয়োজন। চিনেমা নিৰ্মাণৰ পূৰ্বেই বজাৰ অধ্যয়ন, লক্ষ্য দৰ্শক নিৰ্ধাৰণ আৰু বিতৰণৰ পৰিকল্পনাক গুৰুত্ব দিয়াটো জৰুৰী। শিল্পবোধ আৰু বাণিজ্যিক বিচক্ষণতাৰ সুস্থ সমন্বয়েহে এখন চিনেমাক দীৰ্ঘম্যাদী সফলতাৰ বাট দেখুৱাব পাৰে।
মনত ৰখাৰ প্ৰয়োজন– দৰ্শকৰ ৰুচি, সময়ৰ সামাজিক বাস্তৱতা, চিনেমাৰ পৰিৱৰ্তিত ভাষা আৰু বিনোদনৰ মাধ্যম হিচাপে ইয়াৰ প্ৰতিযোগিতামূলক পৰিৱেশ। স্থিত পৰিবেশৰ সৈতে নিৰ্মাতাসকলে সংযোগ স্থাপন কৰিব পাৰিব লাগিব। বাণিজ্যিক চিনেমা নিৰ্মাণৰ অৰ্থ কেৱল জনপ্ৰিয় উপাদানৰ সমাহাৰ নহয় (এনে চিনেমাৰ বাণিজ্যিক সফলতাই “চিনেমাৰ বজাৰ”ৰ ক্ষতি কৰে, “চিনেমা”ৰো ক্ষতি”কৰে।); দৰ্শকৰ মনোৰঞ্জনৰ চাহিদাক সন্মান জনাই এক শক্তিশালী কাহিনী, বিশ্বাসযোগ্য চৰিত্ৰ, আকৰ্ষণীয় উপস্থাপন আৰু কাৰিকৰী উৎকৰ্ষৰ মাজেৰে চিনেমাৰ শিল্পমূল্য অক্ষুণ্ণ ৰখাটোহে প্ৰকৃত প্ৰত্যাহ্বান। দৰ্শকৰ মনোৰঞ্জন আৰু চিন্তাৰ খোৰাক– দুয়োটাকে সমানে গুৰুত্ব দিব পৰা চিনেমাইহে দীৰ্ঘস্থায়ী প্ৰভাৱ সৃষ্টি কৰিব পাৰে।
অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ আৱেগিক আহ্বান বা ভাষিক পৰিচয়ৰ দোহাই দিয়াতকৈ চিনেমাৰ গুণগত মান, বিষয়বস্তুৰ বৈচিত্ৰ্য, নিৰ্মাণৰ দক্ষতা আৰু বাণিজ্যিক ব্যৱস্থাপনাৰ উন্নয়নত মনোযোগ দিব লাগে। চিনেমা নিৰ্মাণৰ লগে লগে প্ৰচাৰ, বিতৰণ আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰতো পেছাদাৰী দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। 
এখন চিনেমাই যেতিয়া নিজৰ কাহিনী, চৰিত্ৰ, দৃশ্যভাষা আৰু জীৱনবোধৰ মাজেৰে দৰ্শকৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব পাৰে, তেতিয়া সেই সম্পৰ্কক কোনো বাহ্যিক প্ৰচাৰ বা প্ৰতিযোগিতাই সহজে বিচ্ছিন্ন কৰিব নোৱাৰে। দৰ্শকক চিনেমা চাবলৈ আহ্বান জনোৱাৰ পৰিৱৰ্তে চিনেমাখনেই দৰ্শকক চিত্ৰগৃহলৈ টানি আনিব পৰাকৈ শক্তিশালী হ’ব লাগে। দৰ্শকৰ আস্থা অৰ্জন, বিনিয়োগৰ নিৰাপত্তা নিশ্চিত কৰা আৰু চিনেমাক এক অৰ্থনৈতিকভাৱে বহনক্ষম উদ্যোগ হিচাপে গঢ়ি তোলাৰ মাজেৰেহে অসমীয়া চিনেমাৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব। আৱেগে চিনেমাৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিব পাৰে, কিন্তু সেই অনুৰাগক স্থায়ী দৰ্শক আৰু সুস্থ বাণিজ্যিক পৰিৱেশলৈ ৰূপান্তৰিত কৰিব পাৰে কেৱল গুণগত চিনেমা আৰু পেছাদাৰী চিনে-কৰ্মই। এয়াই অসমীয়া চিনেমাৰ সন্মুখত থকা প্ৰকৃত প্ৰত্যাহ্বান আৰু উত্তৰণৰ অন্যতম চৰ্ত।







Add comment