অহা ৩০ আগষ্ট তাৰিখে মুক্তিপাবলগীয়া ছবি “চাহো” ৰ “ইন্নী চনী” গীতটিৰ ইতিমধ্যে ৰিলিজ কৰা হৈছে টিজাৰ। ছবিখনক লৈ দৰ্শকৰ মাজত উৎস্যুকতা বৰ্তাই ৰখাৰ স্বাৰ্থত ২ আগষ্ট তাৰিখে গীতটি সম্পূৰ্ণকৈ দৰ্শকৰ মাজত উলিয়াই দিয়া হ’ব।
“ইন্নী চনী” গীতটিত কণ্ঠদান কৰিছে পঞ্জাৱী গায়ক গুৰু ৰন্ধাবা আৰু তুলসী কুমাৰে। গানটোত ভিতৰত থকা কিছু পঞ্জাৱী সোঁৱাদে দৰ্শকক মোহিবলৈ সক্ষম হোৱা দেখা গৈছে। ছুঈজাৰলেণ্ডৰ লোকেশ্বনত দৃশ্যগ্ৰহণ হোৱা এই গীতটিত শ্ৰদ্ধা ও প্ৰভাশৰ মাজত এক ৰোমেণ্টিক কেমেষ্ট্ৰী দৰ্শকে দেখিবলৈ পাব।

কিছুদিন পূৰ্বে মুক্তি পোৱা ছবিখনৰ আন এটি গীত “চাইক’ চ্চেয়া” ইয়ো বৃহৎ সংখ্যাত দৰ্শকক আকৰ্ষণ কৰিছে । উল্লেখ্য যে, “চাহো” ছবিখনত শ্ৰদ্ধা আৰু প্ৰভাশৰ লগতে নীল নীতিন মুকেশ, জেকী শ্ৰফ, চাংকী পান্ডে, মহেশ মাঞ্জৰেকাৰ, এৱলিন শৰ্মাই অভিনয় কৰিছে।
Add comment