Rupaliparda.com
তাপসিৰ জন্মদিন আৰু কিছু কথাঃ 1

তাপসিৰ জন্মদিন আৰু কিছু কথাঃ

তামিলৰ লগতে বলীউড ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰা “মেগী” ৰ আজি জন্মদিন। ৰাইজে হয়টো ধৰিব পৰা নাই “মেগী” কোন! নহয়নে?? “মেগী” হৈছে আপোনালোকৰেই চিনাকী তাপসি পান্নু। ১৯৮৭ ত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে ৮ বছৰ বয়সৰ পৰা প্ৰায় ৮ বছৰ সময় কথক আৰু ভাৰতনাট্যম শিকিছিল। নৃত্য আৰু অভিনয়ৰ সমান্তৰালকৈ তাপসি এগৰাকী স্কোৱাছ প্লেয়াৰ। অকল এয়াই নহয়, কেট পৰীক্ষাত অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছিল ৮৮ শতাংশ নম্বৰ। এম.বি.এ কৰাৰ কথা ভবাৰ সময়তে তেওঁ চিনেমাৰ অফাৰ পাবলৈ সক্ষম হৈছিল।

তাপসিৰ জন্মদিন আৰু কিছু কথাঃ 2
তাপসিৰ জন্মদিন আৰু কিছু কথাঃ 3


তেওঁ প্ৰথমে ৩ খন ছবিত কাম কৰিও সফলতা নোপোৱাত তেওঁক সকলোৱে “বেড লাক এক্টট্ৰেস” ৰ আখ্যা দিছিল। উল্লেখ্য যে, তাপসি আৰু ধনুষ অভিনীত তামিল চিনেমা “আডুকলাম” -এ মুঠ ৬টা নেশ্বনেল এৱাৰ্ড লাভ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত “চচমে বড্ডুৰ” চিনেমাখনৰ পৰা তেওঁ বলীউড ক্ষেত্ৰখনলৈ আগবাঢ়ে।

তাপসিৰ জন্মদিন আৰু কিছু কথাঃ 4
তাপসিৰ জন্মদিন আৰু কিছু কথাঃ 5


তাপসি পান্নুৰ কেৰিয়াৰত গিয়াৰ তেতিয়াৰ পৰা লাগিল যেতিয়া তেওঁ সুজিৎ চৰকাৰ দ্বাৰা পৰিচালিত “পিংক” ছবিখনত অভিনয় কৰে। উক্ত চিনেমাখনৰ পিছৰ পৰাই তেওঁৰ পিছফালে চিনেমাৰ লাইন লাগি গৈছিল।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.