অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত এনেকুৱা বহু কম গায়ক-গায়িকা আছে যাৰ বছৰ বছৰ আগৰ পুৰণা গানে বৰ্তমানেও সাধাৰণজনৰ মনত প্ৰভাৱ বিস্তাৰ কৰি আছে। এনে গায়ক-গায়িকাৰ ভিতৰত মনজোৎস্না মহন্ত গোস্বামীৰ নাম লেখত ল’বলগীয়া। তেওঁৰ কণ্ঠৰ বলীয়া,তেওঁৰ অনুৰাগীৰ সংখ্যা অসমৰ কোণে কোণে বিৰাজমান। ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত আজি আমি কথা পাতিছিলো মনোজোৎস্না মহন্ত গোস্বামীৰ সৈতে। আহকচোন চাওঁ-
প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি বহু দিনৰ পৰাই জড়িত হৈ আছে। বৰ্তমানৰ গায়ক-গায়িকা সমূহৰ মাজত সমাজৰ প্ৰতি থকা দায়বদ্ধতাবোৰ কম হৈ পৰা নিচিনা লাগে নেকি??
মনোজোৎস্না বাইদেউঃ সংগীত ক্ষেত্ৰখনৰ সৈতেটো মই বহু দিনৰ পৰা জড়িত হৈ আছো আৰু মই সৰুৰ পৰা এই সংগীতৰ পৰিৱেশটো পাই আহিছো। মোৰ দেউতা কেশৱ মহন্ত, মোৰ মামা খগেন মহন্ত আৰু মোৰ মা নিকুঞ্জলতা মহন্ত; প্ৰত্যেকৰে এই সংগীত ক্ষেত্ৰখনত নিজা নিজা পৰিচয় আছে। তেওঁলোকে সেইটো সময়ত নিজক কেৱল মাত্ৰ একোজন শিল্পী বুলিয়ে নহয়; একোজন সাংস্কৃতিক ও সামাজিক কৰ্মী বুলিও নিজক ভাবিছিলে।
কিন্তু, এতিয়া সেই চিন্তাও নাই আৰু সেই যুগো নাই। এতিয়াৰ ল’ৰা ছোৱালী খিনিৰ বাবে কৰ্মাছ অৰ্থাৎ ব্যৱসায়টো ইমানেই প্ৰয়োজনীয় হৈ পৰিছে যে সংগীতৰ ক্ষেত্ৰখনো তাৰ পৰা বাছি যাব পৰা নাই। যিমানেই ভাল শিল্পী নহওঁক কিয় তেওঁলোক পোনচাটেই সেইপিনেহে গুছি যায়। আৰু, আমিবোৰেও এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই য’ত আমি তেওঁলোকক ঘূৰাই আনিব পাৰো। এইটো এটা বিৰাট গৱেষণাৰ বিষয় হৈ পৰিছে। গান বুলিয়েই নহয়; আজি কালি সকলো বস্তুয়েই মাৰ্কেট অৰিয়েণ্টেড,সকলো ফালে মনিটাইজেচন। তাৰ ভিতৰতে ক’ৰবাত কিছুমানে সুস্থ গান/সুস্থ সংস্কৃতিৰ গঢ় দিছে যদিও সেইবোৰ প্ৰভাৱশালী হৈ উঠা নাই; ল’ৰা-ছোৱালীখিনিক আকৃষ্ট কৰিব পৰা নাই। গতিকে মই, বিশ্বায়নৰ কাৰণে যে দায়বদ্ধতা কমিছে তাক একাষাৰে ক’ব নোৱাৰো কিন্তু এইটো ঘটিছে।
প্ৰশ্নঃ আজি কালিৰ গানবোৰটো আপুনি নিশ্চয় শুনিছে। চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে কিছুমান জনপ্ৰিয় নহ’বলগীয়া গানো। এইক্ষেত্ৰত আপুনি কি ক’ব?
মনোজোৎস্না বাইদেউঃ চচিয়েল মিডিয়াবোৰটো মানুহেই চলাই আছে। ৰুচিহীন মানুহ কিছুমানে এই বস্তুটোক প্ৰচাৰ কৰি থাকে। তাৰ ভিতৰত ৰুচিশীল মানুহৰ সংখ্যা যথেষ্ট কম। এক ধৰণৰ এটা বস্তুৰ যেতিয়াই সৃষ্টি হয় তাকেই ধাম-ধুম প্ৰচাৰমুখিতাৰে লৈ গৈ আছে। যিবোৰে এনেকুৱা বোৰ গান সৃষ্টি কৰে তেওঁলোকৰ টাৰ্গেট অডিয়েণ্স কিছুমানো এনেধৰণৰ মানুহ যিয়ে গান বুজি নাপায়; যিয়ে সংগীতৰ গভীৰতা আজিলৈ বুজা নাই। যাৰ বাবে সংগীত কেৱল আমোদ-বিনোদনৰ বস্তু আৰু খুব ওপৰুৱা মানে ,গতিকে সেই টাৰ্গেট কৰি লোৱা শ্ৰোতাখিনিয়ে একোটা গানত নিজৰ গাটো অলপ যদি নচুৱাব পাৰে তেতিয়াহ’লে তেওঁলোকৰ বাবে সেইটোৱে সংগীত। মানে, সংগীতৰ ধাৰাটো সংকুচিত কৰি আনি আজি এই পৰ্যায় পোৱাই দিলেহি।
আৰু, আজিৰ এই ডিজিটেল পৃথিৱীখনত আজিৰ ল’ৰা-ছোৱালীয়ে যিহকে দেখিছে ভাল-বেয়া বিচাৰ নকৰি শিকিবলগীয়া কথা বুলি শিকি গৈ আছে। এতিয়াটো আৰু গুৰুমুখী বিদ্যা নাই; আমাক আগতে সংগীত শিকোৱাৰ লগতে এখন সমাজৰ কথাও শিকোৱা হৈছিল। গতিকে এতিয়া আৰু তেনে পৰিৱেশ নাই। এটা ৰিডিমত এটা গান গায় যেতিয়া দৰ্শকক নচুৱাব পাৰে তেতিয়াই আজিৰ শিল্পীয়ে তাক সফলতা বুলি ভাৱে। কিন্তু সেই শ্ৰোতাখিনি প্ৰকৃততে সংগীত অনুৰাগীনে তাক ভবাটোও এতিয়া অপ্ৰয়োজনীয় বুলি ভাৱে তেওঁলোকে। এতিয়া তৎক্ষণাতে আনন্দ লাগে,গানত যে চিকুৱেণ্স থাকে বা গ্ৰেজুৱেলো বস্তুবোৰ গৈ থাকে সেইবোৰ আজিৰ ল’ৰা-ছোৱালীয়ে “ব’ৰ” বুলি কয়।
প্ৰশ্নঃ “এনেকৈয়ে ভাগেনে সপোন” গীতটি বৰ্তমানেও জনপ্ৰিয়। গীতটি যেতিয়া আপুনি গাম বুলি লৈছিল তেতিয়াৰ কিবা ভাল লগা ঘটনা মনত আছেনে??
মনোজোৎস্না বাইদেউঃ হি হি হি! তুমি এই প্ৰশ্নটো কৰিলা মানে এতিয়া বহুত বস্তুয়েই মোৰ মনত দোলা দিব। গীতটি প্ৰথমতে মোৰ বাবে ৰাজেন ৰাজখোৱা দাই আনিছিলে; তাৰ বাবে মই তেওঁক সদায় মনত পেলাওঁ। তেওঁ যেতিয়া ৰাতিপুৱাই আহি মোৰ ঘৰ ওলাইছিল তেতিয়া মই মোৰ ল’ৰাটোৰ ডাইপাৰ সলনি কৰি আছিলো। গতিকে মই ল’ৰাটোক থান-থিত নলগোৱালৈ তেওঁ নিজেই মোৰ বাবে ৰৈ দিছিলে। তেওঁ যেতিয়া এই গানটোৰ কথা মোক কৈছিলে তেতিয়া সদায় যেনেদৰে গানবোৰ গাবলৈ লোৱাৰ আগতেই মই তাৰ গভীৰতালৈ যাব চেষ্টা কৰো, লিৰিক্স বুজিবলৈ চেষ্টা কৰো এই গানটোৰো কৰিছিলো। লিৰিক্সটো যেতিয়া দেউতাই লিখিছিলে সংগীত পৰিচালক জয়ন্ত পাঠকৰ সৈতে; তেতিয়াই গানটোৰ প্ৰথম শাৰীটোৱে বাৰুকৈয়ে মোক চুইছিলে। এইডছৰ সজাগতাৰ বাবে আচলতে এই ছবিখন বনোৱা হৈছিলে আৰু তেতিয়াই ভাৱিছিলো যে এইটো এটা যথেষ্ট মেছেজ থকা গান। সুৰটো বিৰাট ভাল লগাকৈ জয়ন্তই কৰিছিলে গতিকে গানটোৰ কথা ক’লেই এইবোৰ মনলৈ আহে লগতে গানটো গাবলৈ মই মোৰ কোলাত কেঁছুৱাটোক লৈ গৈছিলো। মোৰ স্বামীয়েও যথেষ্ট সহায় কৰিছিল মোক।
ভবা নাছিলো যে, গানটো ইমান জনপ্ৰিয় হৈ পৰিব। ক’লো নহয়, গান এটা ক্ষণস্থায়ী বস্তু নহয়। ক’ৰবাৰ পৰা এটা সুৰ টানি আনি, ক’ৰবাৰ পৰা দুটা শব্দ গাঁথি দিলেই সেইটো গান নহয়। “জীৱন মৰুত,গান সৰোৱৰ”- গানেই জীৱন। গানে শান্তি দিয়ে; প্ৰশান্তি দিয়ে বুলি মই বিশ্বাস কৰো। মই যিবোৰ গান ভাল পাওঁ সেইবোৰ চোন বহুত কম মানুহে আজি কালি ভাল পায়; সেইবাবেই হয়টো মোৰ শ্ৰোতাও যথেষ্ট কম। কিন্তু যিখিনি শ্ৰোতা পাইছো সেইখিনি মই ভগৱানৰ কৃপা বুলি ভাবো।
প্ৰশ্নঃ অসমৰ বহুত ল’ৰা-ছোৱালী সাংঘাতিক টেলেণ্টেড। সংগীত বা অভিনয়ে হওঁক তেওঁলোকে বহুততে নিজৰ নাম উজ্বলাইছে। তৎস্বত্বেও তেওঁলোক হঠাৎ ক’ৰবাত ৰৈ যায়। ইয়াৰ কাৰণ আপুনি কি ভাব?
মনোজোৎস্না বাইদেউঃ কৈছিলো নহয় আজি কালি সকলো বস্তুয়েই ব্যৱসায়। আজি চাবা দুবছৰ আগতে যিটো গান হিট হৈছিলে সেইটো আজি মানুহে পাহৰি থাকিলে। সাময়িক সকলো, মই এই সাময়িকতাটো নিবিছাৰো বাবে যথেষ্ট ৰৈ ৰৈ গান কৰো। কিন্তু, এইটোও নহয়; আজিৰ শিল্পীয়ে যি গান কৰিছে তাতো ছাগে তেওঁলোকৰ কিবা তাৰণা আছে। তেওঁলোকে ছাগে কিছুমান এনেকুৱা গান গালেহে টকা পাব যিটোৰে এটা পৰিয়াল ভৰণ-পূষণ দিব পাৰিব। গতিকে, এইবোৰতেই জড়িত হৈ আছে কমাৰ্ছ। বৰ্তমান সময়ত গান শিকিলো মানেই ষ্টেজত উঠিলোয়ে আৰু আৰ্নিং আৰম্ভ কৰিলোৱে। কিন্তু, আমি গান শিকি শিকি ৩০ বছৰত যেতিয়া কণ্ঠ পৈণত হৈছিলে তেতিয়া গান গাবলৈ ওলাই আহিছিলো।
এতিয়া তৎক্ষণাত সকলো লাগে, ওৱাটছ আপ কৰিলে চোন সকলো পাইয়ে যায়; আমিহে ১০-১২ দিন প্ৰিয়তমাৰ চিঠি আহিব বুলি ৰ’ব লগা হৈছিল। এতিয়া সকলো চৰ্টকাট; সফলতাও আনকি চৰ্টকাটত বিচাৰে।
এতিয়াওটো জাকিৰ হুছেইনক দেখিলে কিমান ভাল লাগে, বিৰ্জু মহাৰাজক দেখিলে কিমান ভাল লাগে। গতিকে আটিৰ্ষ্ট বুলি ক’লে মই তেওঁলোকক বুজো। আজিৰ সময়ত, নিশ্চয় প্ৰতিভা আছে কিন্তু প্ৰতিভাটোৱে আচলতে ইমান সোনকালে প্ৰতিষ্ঠা লাভ নকৰে। এই সৰু সৰু শিশুবোৰক লৈ গৈ বন্দী কৰি চেনেলবোৰে জোৰ-জবৰদস্তী তেওঁলোকৰ মতে গান গোৱাই শিশুকিটাৰ গোটেই প্ৰতিভাখিনি ভৰিৰে গচকি মোহাৰি পঠিয়াই দিয়ে আৰু শিশুকিটাইও তাত গৈ ভাবে যে আমি বহুত কিবা কিবি পাই গ’লো। তেনেকুৱা হ’ব নালাগে………
প্ৰশ্নঃবিহুৰ দীঘলীয়া ফাঞ্চনবোৰৰ বাবে সমাজত কিবা প্ৰভাৱ পৰে বুলি আপুনি ভাবেনে?
মনোজোৎস্না বাইদেউঃ অ’ কাম-কাজ ক্ষতি হয় নহয়। মানুহবোৰে ধান-মাহ চপাই কেইদিনমান স্ফূৰ্তি কৰিছিলেহে মাত্ৰ আকৌ যাবলৈ হয়ে নহয়। কাৰণ বহাগ বিহুৰ কনচেপ্ট টোৱেটো সলনি হৈ গ’ল যে ইমান দীঘলীয়াকৈ উদযাপন কৰা হয়। মোৰ মতে এপ্তাহ অৰ্থাৎ ১৪ ৰ পৰা ২০ এপ্ৰিললৈ উদযাপন কৰি তাৰ পিছত বন্ধ হ’ব লাগে। ওচৰতে এখন মঞ্চ পাতি উতনুৱা এজাক ডেকাই হুলস্থূল কৰিব; কাষত যে অসুখীয়া মানুহ থাকিব পাৰে সেইটোলৈ ভ্ৰূক্ষেপ নাই। মই যদি মূখ্যমন্ত্ৰী হ’লোহেতেঁন এপ্তাহৰ পিছত বন্ধ কৰি দিলোহেতেঁন।
প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।
মনোজো্ৎস্না বাইদেউঃ ইচ্ এনেকুৱাবোৰ কথা নুসুধিবা চোন,বুকু খন বিষাই যায়। ভীষণ কল্পনা কৰো মই ; কিন্তু যেতিয়া পৰিকল্পনালৈ আহো কামবোৰ মোৰ হৈয়ে নুঠে। মোৰ সময়ো বহুত কম জানা? মই যিখিনি সময় দিব লাগে সেইখিনি দিব নোৱাৰাৰ বাবে মোৰ আত্মাইও অসন্তুষ্টি পাইছে। কিন্তু, দুই-এটা গানৰ ট্ৰেক প্ৰস্তুত কৰা আছে; চাওঁচোন কিমান আগবাঢ়ো।
……… সাংঘাতিক ভাল লাগিল বাইদেউ আপোনাৰ লগত কথা পাতি। ধন্যবাদ।
মনোজোৎস্না বাইদেউঃ ধন্যবাদ।
“এনেকৈয়ে ভাগেনে সপোন” ৰ আঁৰৰ এটি ঘটনা-
মনোজোৎস্না বাইদেউৱে এই সংগীতটি গোৱাৰ পিছতেই তেওঁৰ এগৰাকী বান্ধৱীৰ পুত্ৰৰ সৈতে কিছু নঘটিবলগীয়া ঘটনা ঘটিছিল।তেনেস্থলত তেওঁলোকক এই গানটোৱে বৰ সহায় কৰিছিল। বাইদেউক বান্ধৱী গৰাকী আৰু তেওঁৰ স্বামীয়ে ফোন কৰি সুধিছিলঃ” তই এই গানটো আমাৰ বাবে গাইছিলি নেকি??” বাইদেউ তেতিয়া দুখত ভাগি পৰিছিল”।
Add comment