হিমাংশু প্ৰসাদ দাসৰ নাটক “এখন গাওঁত এটা টিভি আছিল” ৰ ভিত্তিত নিৰ্মিত ছবি “দূৰদৰ্শন এটি যন্ত্ৰ” ই বহু দিনৰ পিছত হ’লেও ২০১৬ বৰ্ষটোত দৰ্শকক আমোদ যোগাইছিল। ৰাজেশ ভূঞাৰ পৰিচালনা তথা চিত্ৰনাট্য আৰু সঞ্জীৱ নাৰাইণৰ প্ৰযোজনাৰে ছবিখনে ২০১৭ বৰ্ষত “শ্ৰেষ্ঠ বোলছবি” ৰ বঁটা লাভ কৰিছিল।


এটা যন্ত্ৰ অৰ্থাৎ এটা টিভিক উদ্দেশ্যি ঘূৰি আছে ছবিখনৰ ১৫০ মিনিটৰ কাহিনীভাগ। ৮০ দশকত এখন পিছপৰা গাঁৱত যেতিয়া এটা কোনেও, কেতিয়াও নেদেখা যন্ত্ৰ এটাই প্ৰতিষ্ঠা লাভ কৰিছিল তেতিয়া গাওঁবাসীৰ যি উৎস্যুকতা তাক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ছবিখনত। টি.ভি টোক লৈয়ে সৃষ্টি উক্ত ছবিখনৰ।


“দূৰদৰ্শন- এটি যন্ত্ৰ” ত অভিনয় কৰিছে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, উৎপল দাস, মুনমী ফুকন, মৈত্ৰেয়ী গোস্বামী, সৌৰভ হাজৰিকা, প্ৰসেনজিৎ বৰা, প্ৰণামী বৰা, চেতনা দাস, সিদ্ধাৰ্থ শৰ্মা, আলোকজ্যোতি শইকীয়া, হিমাংশু প্ৰসাদ দাস, লক্ষী বৰঠাকুৰ, ৰাজীৱ ক্ৰ’, বিজিত দেৱ চৌধুৰী, মনমথ বৰুৱা আৰু ত্ৰিদীপ লাহনে। ছবিখনত সংগীত পৰিচালনা মৌছম গগৈৰ আৰু সংগীতত কণ্ঠদান কৰিছে জুবিন গান,চয়নিকা দত্ত, প্ৰিয়ংকা ভৰালীয়ে।
Add comment