Rupaliparda.com
পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 1

পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ

ইংৰাজী “A” আখৰৰ দ্বাৰা প্ৰত্যেকখন ছবি নিৰ্মাণ কৰা পৰিচালক ও প্ৰযোজক লগতে অভিনেতা ঋত্বিক ৰোশনৰ ককা জয় ঔঁম প্ৰকাশে ইহলীলা সম্বৰণ কৰে। ৯৩ বয়সত মৃত্যু বৰণ কৰা এই গৰাকী পৰিচালক গৰাকী বহু দিন আগৰ পৰাই ৰোগত আক্ৰান্ত হৈ আছিল। ৰাজেশ খান্না আৰু মুমতাজ অভিনীত “আপ কি কসম” আছিল তেওঁৰ প্ৰথমখন পৰিচালিত ছবি। হিন্দীৰ সমান্তৰালকৈ তেওঁ পঞ্জাৱী ভাষা ছবিতো কাম কৰে।

পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 2
পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 3


তেওঁৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰে সমগ্ৰ বলীউড ক্ষেত্ৰ। ধৰ্মেন্দ্ৰকে ধৰি অমিতাভ বচ্চন জিতেন্দ্ৰ তথা সঞ্জয় খানো উপস্থিত হয়গৈ শেষ বাৰৰ বাবে পৰিচালকগৰাকীৰ ওচৰত।

পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 4
পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 5


তেওঁৰ দ্বাৰা পৰিচালিত ছবি কেইখন হ”ল আপ কি কসম”(১৯৭৪), “আক্ৰমণ” (১৯৭৫), “আপনা পন”(১৯৭০), “আশিক হু বাহাৰ’ কা” (১৯৭৭), “আশা”(১৯৮০), “আস-পাস”(১৯৮১), “আপনা বনা ল”(১৯৮২), “আসৰা প্যাৰ দা”(১৯৮৩), “অৰ্পণ”(১৯৮৩), “আখিৰ কিউ?”(১৯৮৫), “আপকে সাথ”(১৯৮৬), “ভগৱান ডা”(১৯৮৬), “অগ্নি”(১৯৮৮), “আদমী অৰ অপ্সৰা”(১৯৯১), “আজীৱ ডাষ্টান হে য়ে”(১৯৯২), “আদমী খিলনা হে”(১৯৯৩) আৰু “আফসানা দিলৱাল’ কা”(২০০১)।

পৰিচালক ও প্ৰযোজক জে.ঔঁম প্ৰকাশৰ দেহাৱসানঃ 6

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform