Rupaliparda.com

নটসূৰ্য্যৰ “ভোগজৰা” ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ

নটসূৰ্য্য ফণীশৰ্মাৰ কালজয়ী নাটক “ভোগজৰা” ৰ কথা বৰ্তমানেও অসমীয়াৰ বুকুত জলজল-পটপট হৈ আছে। নৱপ্ৰজন্মই নাট খন স্ব-চক্ষুৰে নেদেখিলেও যে হৃদয়ংগম কৰিব পাৰে সেয়া নিশ্চিত। অসম বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা এটা কাহিনীক বুটলি আনি নাটকৰ ৰূপ দি নটসূৰ্য্যই নিজে মূখ্য চৰিত্ৰ “লক্ষ্মী সিংহ” ত দূৰ্দান্ত অভিনয় কৰিছিল।

নটসূৰ্য্যৰ "ভোগজৰা" ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ 1


প্ৰত্যেকবাৰৰ দৰে এইবাৰো বাণ থিয়েটাৰৰ উদ্যোগত নটসূৰ্য সোঁৱৰণী নাট সমাৰোহৰ আয়োজন কৰা হয়। ২০১৯ চনত সমাৰোহখনিৰ সোণালী জয়ন্তী উপলক্ষে নটসূৰ্য ফণী শৰ্মাৰ সেই কালজয়ী নাটকখন পুনৰ এবাৰ দৰ্শকৰ আগত মঞ্চস্থ কৰা হয়। কিন্তু এইবাৰ আছিল এক ব্যতিক্ৰম, ফণী শৰ্মাৰ বিপৰীতে তেওঁৰ “লক্ষ্মী সিংহ” ৰ চৰিত্ৰটোত অভিনয় কৰিছিল তেওঁৰেই পুত্ৰ ও এগৰাকী সুদক্ষ অভিনেতা সুজিত শৰ্মাই। নটসূৰ্য গৰাকীৰ অভিনয়ক সোঁৱৰি ৰৈ থকা প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ পুত্ৰৰ মাজত দেখিবলৈ পালে পিতৃ ফণী শৰ্মাক। উল্লেখ্য যে, নাটখন চাবলৈ দৰ্শকে উপৰা-উপৰি কৰাৰ লগতে “ভোগজৰা” নাটখন দুবাৰ মঞ্চস্থ কৰাৰো আহ্বান জনায়। কিন্তু, উৎকত গৰমৰ বাবেই সেয়া সম্ভৱপৰ নহ’ল।

নটসূৰ্য্যৰ "ভোগজৰা" ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ 2
নটসূৰ্য্যৰ "ভোগজৰা" ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ 3


নাটকখনৰ আন আন চৰিত্ৰত অভিনয় কৰে পুতুল বৰুৱা, জোন কোচ, তিলক নাথ, অশ্বিনী বৰা, নটসূৰ্যৰ নাতি ল’ৰা নৱজ্যোতি শৰ্মা, অংকিতা শইকীয়া হালৈ, সত্যদেৱ শৰ্মা, ৰাজীৱ মহন্ত, প্ৰেৰণা শইকীয়া, নীলাংগনা বৰা, অপৰূপা বৰা আৰু প্ৰদীপ শৰ্মাই।

নটসূৰ্য্যৰ "ভোগজৰা" ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ 4
নটসূৰ্য্যৰ "ভোগজৰা" ক লৈ পুত্ৰৰ প্ৰচেষ্টাঃ 5

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform