উৎসৱৰ সময়ত তেতিয়াৰ পৰা এতিয়ালৈ কেইটামান গানে বৰকৈ প্ৰাধান্য লাভ কৰিছিল। তাৰ ভিতৰত ডেৱিদ ধাৱানৰ দ্বাৰা পৰিচালিত ছবি “কুলী নং-১” ছবিখনৰ “মে টৌ ৰাষ্টে ছে যা ৰহি থি” গীতটিৰ নাম ল’ব পৰা যায়।

গীতটিৰ কথা কোৱাৰ লগে লগে আপোনালোকৰ মনলৈ আহিছে কৰিস্মা আৰু গোৱিন্দাৰ মুখ দুখন। নহয়নে?? পিছে, এইবাৰৰ “কুলী নং-১” ছবিখনৰ নতুন সংকৰণত দৰ্শকে দেখিবলৈ পাব এক নতুন যুঁটিক।

অহা বৰ্ষত মুক্তি পাবলগীয়া “কুলী নং-১” ৰিমেকত দৰ্শকে দেখিবলৈ পাব বৰুণ ধাৱন আৰু সাৰা আলি খানক। ইতিমধ্যে ছবিখনৰ শ্বুটিং বেংককত আৰম্ভ হোৱাৰ লগতে প্ৰথমটি টিজাৰ পষ্টাৰেও মুক্তি লাভ কৰিছে। এই পষ্টাৰখনত কৰিস্মা-গোৱিন্দাৰ সেই পূৰ্বৰ অনুভৱটি দৰ্শকে ল’ব পাৰিব সাৰা-বৰুণৰ মুখত।
Add comment