Rupaliparda.com

“নাৰী” ভেশে হৃদয় জয় কৰিব আয়ূসমানেঃ

ছোৱালীয়ে ল’ৰা হোৱা বা ল’ৰাই ছোৱালী হোৱা; ছবিসমূহত এয়া নতুন কথা নহয়। কিন্তু এজন পুৰুষে ছোৱালী মাতেৰে চাকৰি বিচাৰি যোৱা দেখিছেনে? নিশ্চয় নাই দেখা। কিন্তু, এইবাৰ দেখিব।

"নাৰী" ভেশে হৃদয় জয় কৰিব আয়ূসমানেঃ 1


প্ৰত্যেক খন ছবিতে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে তথা বিশেষ কিছুমান কনচেপ্টৰ সৈতে আগবাঢ়ি আহে আয়ূসমান খুৰানা। এইবাৰ এগৰাকী ছোৱালীৰ ভেশত ডাঙৰ পৰ্দালৈ আহিব অভিনেতা গৰাকী। এই ছবিখনৰ নামেই হৈছে “ড্ৰীম-গাৰ্ল। ছবিখনৰ আৰম্ভণি কৰা হ’ব এখন “ৰাম-লীলা” অনুষ্ঠানেৰে আৰু তাত “সীতা” চৰিত্ৰটোত অভিনয় কৰি আয়ূসমান খুৰানাই দৰ্শকক হহুৱাব।

"নাৰী" ভেশে হৃদয় জয় কৰিব আয়ূসমানেঃ 2
"নাৰী" ভেশে হৃদয় জয় কৰিব আয়ূসমানেঃ 3


ইতিমধ্যে মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱে দৰ্শকক ছবিখন চাবলৈ বাধ্য কৰি তুলিছে। উক্ত ২ মিনিট ৫২ চেকেণ্ডৰ ট্ৰেইলাৰটোত আয়ূসমান খুৰানাই “পূজা” নামেৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

"নাৰী" ভেশে হৃদয় জয় কৰিব আয়ূসমানেঃ 4


চলিত বৰ্ষৰ ১৩ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনে দৰ্শকক আগতীয়াকৈ আকৰ্ষিত কৰি তুলিছে। নহয়নে বাৰু?? ইয়াৰ লগতে, ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে নুসৰত ভৰুছা আৰু মনজৌত সিঙে। ছবিখনৰ পৰিচালক হৈছে ৰাজ শাণ্ডিল্য।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform