Rupaliparda.com

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ

শ্বুটিং অথবা জিম, শ্বপিং অথবা আউটিং; প্ৰত্যেকটো সময়তে এগৰাকী অভিনেত্ৰী থাকে কেমেৰাৰ আগত। প্ৰত্যেকটো সময়ত তেওঁৰ পিছত ঘূৰে কেইবাটাও কেমেৰা। গতিকে; প্ৰতিটো সময়ত নিজক সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰে এওঁলোকে। ভিতৰৰ পৰাই হওঁক অথবা বাহিৰৰ পৰাই হওঁক নিজক ফিট অথবা দেখনিয়াৰ কৰি ৰাখিব লাগে এই অভিনেত্ৰী সকলে। চাওঁচোন আহক তেওঁলোকে এনে কি ব্যৱহাৰ কৰে যিয়ে তেওঁলোকক সুন্দৰ কৰি তোলে-

১. ঐশ্বৰ্য্য ৰয়ঃ

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ 1

ঘৰ নাইবা শ্বুটিং; মিছ ৱ’ৰ্ল্ড খ্যাত এই গৰাকী অভিনেত্ৰীৰ স্কিন সদায় জিলিকি থাকে। এই অভিনেত্ৰী গৰাকীয়ে ঘৰুৱা বস্তুৰ ওপৰত বিশ্বাস কৰে। তেওঁ প্ৰায় বেচন, হালধি আৰু গাখীৰৰ পেষ্ট বনাই মুখত লগায়। যিয়ে তেওঁৰ ছাল উজ্জ্বল কৰাত সহায় কৰে। লগতে, তেওঁ তিয়ঁহৰ পেষ্ট মুখত ঘঁহে; যিয়ে তেওঁৰ ছালটো ভাল কৰে।

২. মাধুৰী দীক্ষিতঃ

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ 2

৫২ বছৰীয়া এইগৰাকী ডেনচিং কুইনক কেতিয়াও তেওঁৰ বয়স জোখাৰে ধৰিবই নোৱাৰি। মাধুৰীৰ চুলিৰ উজ্জ্বলতা অথবা ডাঠ চুলিৰ বাবে স্পটলাইটত অহা দেখা যায়। তেওঁ চুলিৰ বাবে এটা বাতিত অলিভ অইল, কাষ্টৰ অইল তথা আলমণ্ড অইল আৰু নাৰিকেল তেল মিহলাই সদায় চুলি গুৰিৰ পৰা শেষলৈ লগায়। তেওঁৰ নিজৰ ছালৰ বাবে প্ৰাকৃতিক বস্তুৰে তৈয়াৰী আহিলাৰে পেষ্ট বনাই সপ্তাহত দুবাৰকৈ লগায়।

৩. হেমা মালিনীঃ

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ 3

৮০ দশকৰ অভিনেত্ৰী সকলৰ উজ্জ্বল আৰু সুন্দৰ চুলিয়ে হৈছে তেওঁলোকৰ প্ৰধান সৌন্দৰ্য্য। এনে অভিনেত্ৰীৰ ভিতৰৰ হেমা মালিনীৰ নাম উল্লেখযোগ্য। ৭০ বছৰীয়া এই অভিনেত্ৰী গৰাকীয়ে নাৰিকল তেলৰ সৈতে আমলখি, তুলসী আৰু নিমৰ পাতৰ মিক্সাৰ বনাই গৰম কৰি তেওঁ নিজৰ চুলিত লগায়। তেওঁ বিশ্বাস কৰে যে, এই মিক্সাৰটোৱে বিভিন্ন বীজাণুৰ পৰা তেওঁৰ চুলিক বচাই ৰাখে।

৪. অনুষ্কা শৰ্মাঃ

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ 4

এই অভিনেত্ৰী গৰাকীয়ে নিজ সৌন্দৰ্য্যতাৰ বাবে কি বস্তু ব্যৱহাৰ কৰে তাক লুকুৱাব লগীয়া একো নাই। তেওঁ নিতৌ ঘৰুৱা বস্তু ব্যৱহাৰ কৰে। পিম্পল নহ’বলৈ নিম পাতৰ গুৰি ব্যৱহাৰ কৰে লগতে ছালক উজ্জ্বল কৰাৰ উদ্দেশ্য তেওঁ গোলাপজল ব্যৱহাৰ কৰে।

৫. কৰিণা কাপুৰঃ

বি-টাউনৰ অভিনেত্ৰীৰ সৌন্দৰ্য্যতাৰ ৰহস্যঃ 5

নৱাবৰ পত্নী তথা বি-টাউনৰ জনপ্ৰিয় এই গৰাকী অভিনেত্ৰীয়ে দিনে ৮ ৰ পৰা ১০ গিলাচ পানী খায়। তেওঁ বিশ্বাস কৰে যে পানীয়ে তেওঁ দেহৰ বীজাণু বোৰ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ লগতে, অভিনেত্ৰী গৰাকীয়ে গৰম তেলেৰে নিজৰ মূৰৰ পৰা মুখলৈ মালিচ কৰে যিয়ে নিতৌ তেওঁক টেনছন ফ্ৰি কৰি ৰখাত সহায় কৰে আৰু ৰিলেক্স কৰি ৰাখে।

… আপোনালোকে জানেনে বাৰু কোনো অভিনেত্ৰীৰ এনে কিছু “বিউটি হেক্স”?? জানে যদি আমাক জনাওঁকচোন। কমেণ্ট কৰক আৰু আমাক জনাওঁক অভিনেত্ৰীৰ লগতে তেওঁৰ বিউটি হেক্স।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform