Rupaliparda.com

“হ’থ’ মে এচি বাত” শীৰ্ষক গীতিটিত প্ৰাণ দিয়া বৈজয়ন্তীঃ

দুটা দশকতকৈ অধিক সময় হিন্দী চিনেমাত ৰাজত্ব কৰা বৈজয়ন্তী মালাৰ জন্মদিন। ১৩ বছৰ বয়সৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমে তামিল ছবিৰ পৰা নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰে। ইয়াৰ পিছতে, ১৯৫১ চনত মুক্তিপ্ৰাপ্ত “বাহাৰ” ছবিখনৰ পৰা তেওঁ বলীউড জগতলৈ আহে।

"হ'থ' মে এচি বাত" শীৰ্ষক গীতিটিত প্ৰাণ দিয়া বৈজয়ন্তীঃ 1


“নই দিল্লী”, “নয়া দ’ৰ” আৰু “আশা” আদিৰ নিচিনা কেইবাখনো সফল ছবিত অভিনয় কৰাৰ লগতে ১৯৬৪ চনত অহা “সংগম” ছবিত বৈজয়ন্তীৰ “ব’ল্ড” চৰিত্ৰ আৰু ছবিখনৰ এটি গান; “মে ক্যা কৰো হায় মুঝে বুদ্ধা মিল গেয়া” ৰ বাবে দৰ্শকে তেওঁক আজিও মনত ৰাখিছে।

"হ'থ' মে এচি বাত" শীৰ্ষক গীতিটিত প্ৰাণ দিয়া বৈজয়ন্তীঃ 2
"হ'থ' মে এচি বাত" শীৰ্ষক গীতিটিত প্ৰাণ দিয়া বৈজয়ন্তীঃ 3


১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ছবি “দেৱদাস” ছবিখনত তেওঁৰ চন্দ্ৰমুখীৰ চৰিত্ৰটোৱে তেওঁক আৰু অধিক সফল কৰি তুলিলে। উক্ত চৰিত্ৰটোৰ বাবে বৈজয়ন্তীয়ে ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ লগতে, “মধুমতী”, “গংগা ঝমুনা” আৰু “সংগম” ৰ বাবে তেওঁক ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।

"হ'থ' মে এচি বাত" শীৰ্ষক গীতিটিত প্ৰাণ দিয়া বৈজয়ন্তীঃ 4


এই গৰাকী জনপ্ৰিয় শিল্পীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply