Rupaliparda.com

কিং খানৰ জীয়ৰী সুহানাই ডেবিউৰ বাবে চলাইছে প্ৰস্তুতিঃ

সংগ্ৰাম অথবা কষ্ট কৰক বা নকৰক; “ষ্টাৰ কিড” সমূহে এবাৰ হ’লেও ছবি জগতত নিজৰ ভৱিষ্যত আছে নে নাই তাক চাবলৈ আহে। নিজৰ পিতৃ-মাতৃৰ সফলতাৰ বাবে ছবি জগতত তেওঁলোকে আহিবলৈ সুবিধা পায়।

কিং খানৰ জীয়ৰী সুহানাই ডেবিউৰ বাবে চলাইছে প্ৰস্তুতিঃ 1
কিং খানৰ জীয়ৰী সুহানাই ডেবিউৰ বাবে চলাইছে প্ৰস্তুতিঃ 2


ঠিক তেনেদৰেই, এইবাৰ বলীউড ক্ষেত্ৰত নিজৰ ডেবিউৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কিং শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানে। নিজৰ গ্ৰেজুৱেচন সম্পূৰ্ণ কৰা আৰু হ’লি ডে কটোৱাৰ পিছত তেওঁ অভিনয় জগতত খোজ দিয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। জানিব পৰা মতে, মুম্বাইস্থিত শ্বাহৰুখ খানৰ গৃহ “মন্নত” ত থকা সৰু থিয়েটাৰ খনতেই সুহানাই পিতৃয়ে প্ৰথমখন ছবিৰ পৰা বৰ্তমানলৈ অভিনয় কৰা প্ৰত্যেকখন ছবি তন্ন-তন্নকৈ চাই আছে।

কিং খানৰ জীয়ৰী সুহানাই ডেবিউৰ বাবে চলাইছে প্ৰস্তুতিঃ 3


উল্লেখ্য যে,সুহানাই কলেজত ড্ৰামাৰ বাবে স্পেছিয়েল বঁটাও লাভ কৰিছে।

Add comment

Leave a Reply