Rupaliparda.com

প্ৰথমখন সংস্কৃত ছবিঃ “অহম ব্ৰহ্মাস্মি”-

চলিত বৰ্ষৰ ৫ জুলাই তাৰিখে সংস্কৃত ভাষাত মুক্তিপ্ৰাপ্ত ফ্ৰাষ্ট মেইনষ্ট্ৰিম ছবিখন হৈছে “অহম ব্ৰহ্মাস্মি”। ছবিখন পৰিচালনাৰ লগতে কাহিনী, সংলাপ তথা মূখ্য চৰিত্ৰত অভিনয় কৰে আজাদে। আৰু, ইয়াক প্ৰযোজনা কৰে খ্যাতনাম কোম্পানী “বোম্বে ট’কিজ ষ্টুডিঅ” ৰ প্ৰতিষ্ঠাপক ৰাজনাথ ডুবেই।

প্ৰথমখন সংস্কৃত ছবিঃ "অহম ব্ৰহ্মাস্মি"- 1


সংস্কৃত ভাষাক জনসাধাৰণৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যই এই ছবিখন নিৰ্মাণ কৰা বুলি পৰিচালক গৰাকীয়ে কেইবাটাও সাক্ষাৎকাৰত জনায়। তেওঁৰ মতে সংস্কৃত ভাষাটো হৈছে ঈশ্বৰৰ ভাৱ আদান প্ৰদানৰ মাধ্যম গতিকে এই মাধ্যমটোৰ সহায় লৈয়ে তেওঁ প্ৰথমখন সংস্কৃত ছবি প্ৰস্তুত কৰি উলিয়ায়।

প্ৰথমখন সংস্কৃত ছবিঃ "অহম ব্ৰহ্মাস্মি"- 2
প্ৰথমখন সংস্কৃত ছবিঃ "অহম ব্ৰহ্মাস্মি"- 3


উক্ত ছবিখনত হিন্দী চিনেমা দৰেই দেখিবলৈ পোৱা যাব “ড্ৰামা”। লগতে, ছবিখনত দৰ্শকে দেখিবলৈ পাব সাংঘাতিক দেশপ্ৰেম মূলক এটা কাহিনী। “অহম ব্ৰহ্মাস্মী” য়ে মুক্তি দিনাখনেই ৱাৰানসীত লাভ কৰে দৰ্শকৰ পৰা সঁহাৰি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.