Rupaliparda.com

“মিছন-মংগল” বনাম “ৱাটলা হাউচ”-

অক্ষয় কুমাৰ, সোণাক্ষী সিনহা, বিদ্যা ৱালন, তাপসী পান্নু আৰু নিথ্যা মেনন আদি অভিনীত “মিছন মংগল”-এ বস্ক অফিচত প্ৰথম দিনাই কোটি টকীয়া শাৰীত প্ৰৱেশ কৰিছে। বস্ক অফিচ অৱ ইণ্ডিয়াই জনোৱা অনুসৰি উক্ত ছবিখন অক্ষয় কুমাৰৰ ছবি “গ’ল্ড” ৰ প্ৰথম দিনাৰ লাভকো পিছ পেলায়। অৰ্থাৎ, “মিছন মংগল”-এ প্ৰথম দিনাই লাভ কৰিছে ২৭ ৰ পৰা ৩০ কোটিকৈ টকা।স্বাধীনতা দিৱসৰ আগদিনা ছবিখনৰ স্পেচিয়েল স্ক্ৰীণিং কৰা হৈছিল দিল্লীত আৰু তাতে গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ছবিখন উপভোগ কৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰে। তেওঁ ছবিখনক লৈ টুইটো কৰে।


সমান্তৰালভাৱে, স্বাধীনতা দিৱসৰ এই মধুৰ ক্ষণত মুক্তি পোৱা অন্য এখন ছবি হৈছে “ৱাটলা হাউচ”।

"মিছন-মংগল" বনাম "ৱাটলা হাউচ"- 1


ছবিখনে দৰ্শকৰ অত্যাধিক সঁহাৰি নাপালেও দেশপ্ৰেমমূলক কাহিনীৰে নিৰ্মিত এই ছবিখনে প্ৰথম দিনাই লাভ কৰে ১৩ ৰ পৰা ১৫ কোটিকৈ টকা। আগন্তুক দিনত ছবিখনে “মিছন মংগল” ক হৰুৱাব পাৰেনে নাই এয়া দৰ্শক আৰু সময় ক’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.