Rupaliparda.com

অমৃতাৰ “প্ৰতিঘাত”-

“স্বাধীন” তথা “স্বাধীনতা” ৰ সংজ্ঞাক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰা হ’ব এইবাৰ ডাঙৰ পৰ্দাত। নতুন আৰু দমদাৰ চৰিত্ৰ লৈ আহি আছে অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈ। ছবিখনৰ নাম হৈছে “প্ৰতিঘাত”। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক তথা প্ৰথমটো টিজাৰ মুক্তি পাইছে। পষ্টাৰখনত লিখা থকা “মৌনতা আৰু কিমান,এতিয়া মাথো প্ৰতিঘাত” -উক্ত শাৰীকেইটাই ছবিখনৰ এক চমু আভাষ দৰ্শকক দি গৈছে।

অমৃতাৰ "প্ৰতিঘাত"- 1


ছবিখনৰ কাহিনী তথা পৰিচালনা অচিন্ত্য শংকৰৰ আৰু প্ৰযোজনা নৰেন্দ্ৰ সিনহা আৰু নলিনী ৰয় গৈয়াৰীৰ। অমৃত গগৈৰ লগতে ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, দিগন্ত হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, অচিন্ত্য শৰ্মা,জলী লস্কৰ, আইমী বৰুৱা আৰু আশ্ৰামিকা শইকীয়াই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform