বি-টাউনৰ জনপ্ৰিয় অভিনেতা ও বলীউডৰ নৱাব ছেইফ আলি খানৰ আজি জন্মদিনৰ দিনা জানো আহক তেওঁৰ আৰু কৰীণাৰ প্ৰেমৰ বিষয়ে নজনা কিছু কথা।


পাঁচ বছৰ এজনে আনজনক “ডেট” কৰাৰ পিছত বিবাহ পাশত আৱদ্ধ হোৱা এই প্ৰেমিকযুগল বলীউডৰ বহুতো প্ৰেমিক-প্ৰেমিকাৰ বাবে “আইডল ক’পল”। প্ৰায় ১০ বছৰৰ সৰু কৰীণাই ছেইফ আলী খানক ডেট কৰাক লৈ বহুতৰে কটু বাক্য শুনাৰ লগতে ট্ৰ’লৰো সন্মুখীন হৈছিল। কিন্তু কাকো ভ্ৰূক্ষেপ নকৰি দুয়োয়ে নিজৰ প্ৰেম জীৱন সুচাৰুৰূপে চলাই গৈ থাকিল।

“তশন” ছবিখনৰ পৰাই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল আৰু ইয়াৰ পিছতেই কৰীণাৰ মাকৰ অনুমতি লাভ কৰি ছেফিনাই পাঁচ বছৰ সময় “লিভ ইন ৰিলেশ্বনছিপ ” ত থাকে। বিবাহৰ পূৰ্বেই কৰীণাই ছেইফৰ আগত এক চৰ্ত ৰাখে; যিটো আছিল কৰীণাক নিজৰ কৰ্মত ছেইফে কোনো ধৰণৰ হকা-বাধা দিব নোৱাৰিব। কৰীণাক আৰু তেওঁৰ কামক যদিহে ছেইফে সন্মান দিয়ে তেতিয়াহে কৰীণাই ছেইফৰ সৈতে বিবাহত বহিব।


ঠিক তেনেদৰেই, ছেইফে কৰীণাৰ প্ৰতিটো চৰ্ত মানি লয় আৰু বৰ্তমানলৈ কৰীণাক প্ৰত্যেকটো কামত সহায় কৰি আছে সেয়া লাগিলে তেওঁলোকৰ একমাত্ৰ পুত্ৰ তাইমুৰ আলি খানক চম্ভালাই নহওঁক কিয়!
Add comment