Rupaliparda.com

বিজয়ে উপহাৰ দিলে ৪০০ টা সোণৰ আঙুঠিঃ

দক্ষিণৰ চুপাৰষ্টাৰ খ্যাত যোচেফ বিজয় চন্দ্ৰশেখৰৰ নতুন পদক্ষেপ। তেওঁৰ মুক্তি পাবলগীয়া ছবি “বিগিল” ৰ সমষ্ট কৰ্মকতাক তেওঁৰ ফালৰ পৰা প্ৰদান কৰা হয় ৪০০ টাকৈ সোণৰ আঙুঠি। চুপাৰষ্টাৰ গৰাকীৰ এনে পদক্ষেপে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।


বিজয়ে এই উপহাৰস্বৰূপ আঙুঠি কেইটি দি থকা সময়ত কৰ্মকতা এজনে ভিডিঅ’ কৰে আৰু উক্ত ভিডিঅ’টিয়ে এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, অভিনেতাগৰাকীয়ে ছবিখন প্ৰস্তুতকৰণৰ সময়ছোৱাৰ স্মৃতিক প্ৰত্যেকৰে মনত সজীৱ কৰি ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে।

চলিত বৰ্ষৰ অক্টোবৰত মুক্তিপাবলগীয়া এই ছবিখনৰ পষ্টাৰৰ লগতে এ.আৰ.ৰহমান দ্বাৰা কণ্ঠদান কৰা এটা সংগীতে ইতিমধ্যে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform