Rupaliparda.com

বিদ্যা সিনহাৰ পৰলোকপ্ৰাপ্তিঃ

ঠাণ্ডা দিনকেইটাত গা ধুবলৈ যোৱা সময়ত আমাৰ প্ৰত্যেকৰে মনলৈ অহা গীতটো কি বাৰু?? হয় ঠিকে ধৰিছে, “ঠাণ্ডে ঠাণ্ডে পানীছে নাহানা ছাহিয়ে”। এই গীতটিত প্ৰাণ দিয়া অভিনেত্ৰী গৰাকীও হয়তো আপোনালোকৰ মনত আছে। বিদ্যা সিনহা ; স্বাধীনতা দিৱসৰ উল্লাহৰ সময়ছোৱাত ৭১ বছৰ বয়সত এই অভিনেত্ৰী গৰাকীয়ে ইহলীলা সম্বৰণ কৰিলে। তেওঁৰ মৃত্যুত বলীউড ক্ষেত্ৰখনৰ লগতে সমগ্ৰ দৰ্শক শোকস্তদ্ধ হৈ পৰিছে।

বিদ্যা সিনহাৰ পৰলোকপ্ৰাপ্তিঃ 1
বিদ্যা সিনহাৰ পৰলোকপ্ৰাপ্তিঃ 2


১৯৭৪ ৰ “ৰজনীগন্ধা” ছবিখনৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেত্ৰীৰ চৰ্চিত ছবি কেইখন হৈছে “ছৌটী চি বাঁত”, “কৰ্ম”, “মুক্তি”, “পতি পত্নী ঔৰ ৱহ, “মীৰা”, “চৱুত”, “প্যাৰা দুশমন”, “লৱ ষ্টৰী”, ” স্বয়ম্বৰ”, “তুম্হাৰে লিয়ে, ” ইনকাৰ”, “মগৰুৰ”, আৰু “ছফেদ জুঠ”।

বিদ্যা সিনহাৰ পৰলোকপ্ৰাপ্তিঃ 3
বিদ্যা সিনহাৰ পৰলোকপ্ৰাপ্তিঃ 4


চিনেমা জগত খনৰ পৰা অব্যাহতি লৈ অভিনেত্ৰী গৰাকীয়ে ধাৰাবাহিক জগতত খোজ পেলাইছিল। তেওঁ মৃত্যুৰ পূৰ্বে ষ্টাৰ প্লাছত প্ৰচাৰিত ধাৰাবাহিক “কুলফী কুমাৰ বাজেৱালা” ত অভিনয় কৰি আছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.