ছেইফ আলি খানৰ জন্মদিনৰ উৎসৱতেই তেওঁ নিজৰ অনুৰাগী সকলক দিলে উপহাৰ। তেওঁৰ আহিবলগীয়া ছবি “লাল কাপ্তান” ৰ টিজাৰ মুকলিৰে অভিনেতা গৰাকীয়ে উদযাপন কৰিলে নিজৰ জন্মদিন। এক মিনিটতকৈ কম এই টিজাৰটিত খুব বেছি একো নাথাকিলেও; সেইখিনি সময়ে দৰ্শকৰ বাবে ছবিখনক লৈ উৎস্যুকতাৰ সৃষ্টি কৰিছে। নৱদ্বীপ নেগীৰ দ্বাৰা পৰিচালিত এই ছবিখনত ছেইফ আলি খান এগৰাকী নগা সাধুৰ চৰিত্ৰত অভিনয় কৰিব। চলিত বৰ্ষৰ অক্টোবৰ মাহৰ মুক্তি পাব “লাল কাপ্তান”।


Add comment