সৰুতে কেইটামান নিৰ্দ্দিষ্ট গীতৰ কলি গুণগুনাই নিজৰ সন্তানক ওমলায় পিতৃ-মাতৃয়ে। তেনে কিছু সংগীতৰ ভিতৰত উল্লেখযোগ্য গীতটি হৈছে “মা আমি শদিয়ালৈ যামেই”; গীতটি শুনাৰ লগে লগে হয়তো আপোনাৰো গুনগুনাবলৈ মন গৈছে। নহয়নে?? এই গীতটিক প্ৰত্যেকৰে মন-মগজুত সোমোৱাই দিয়া আঁৰৰ ব্যক্তিজন হৈছে অসমৰ বিহু সম্ৰাট খগেন মহন্ত।

তেওঁৰ জন্ম উৎসৱত আমি ৰূপালী পৰ্দাৰ সমূহ কৰ্মকতাই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।

খগেন মহন্তই অসমৰ বিভিন্ন ঠাইৰ লগতে বিট্ৰেইনতো সংগীত পৰিৱেশন কৰিছে। এই গণশিল্পী গৰাকীৰ ওপজা দিনৰ মধুৰ ক্ষণতে গুৱাহাটীস্থিত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ’ব খগেন মহন্ত উদ্যান।

বিহু সম্ৰাট গৰাকীৰ সমাধি স্থলীতে নিৰ্মাণ কৰি
উলিওৱা হৈছে উক্ত উদ্যান খন। মূখ্যমন্ত্ৰী সোণোৱালে উদ্যান খন মুকলি কৰাৰ লগতে তাত অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া; ইয়াৰ লগতে, “মা আমি শদিয়ালৈ যামেই” শীৰ্ষক গীতটিকে “থীম” হিচাপে লয় প্ৰস্তুত কৰা হৈছে উক্ত খগেন মহন্ত উদ্যান।
Add comment