Rupaliparda.com

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত “আৱৰ্তন”-

ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ষষ্ঠ সংখ্যক ছবিখন হৈছে “আৱৰ্তন”। কোনো উপন্যাস তথা চুটিগল্পৰ আধাৰত নিৰ্মাণ নকৰি ভৱেন্দ্ৰ নাথ শইকীয়াই “আৱৰ্তন” নিৰ্মাণ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আধাৰিত এটা মৌলিক কাহিনীৰে। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱাৰ লগতে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ছবি “আৱৰ্তন”-এ।

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত "আৱৰ্তন"- 1
ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত "আৱৰ্তন"- 2


এগৰাকী ভ্ৰাম্যমানৰ অভিনেত্ৰীয়ে নিজৰ অভিনয়,পৰিয়াল আৰু প্ৰেমৰ চাকনৈয়াত কেনেদৰে সোমাই পৰিছিল তাকেই দেখুওৱা হৈছে উক্ত ছবিখনত। ঘাত-প্ৰতিঘাত নেওঁচি কেনেদৰে ছবিখনৰ নায়িকা গৰাকী নিজৰ প্ৰেমৰ সৈতে সুখৰ সংসাৰ গঢ়ে তাৰ এক সুন্দৰ উপস্থাপন কৰা হৈছে ছবিখনত।

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত "আৱৰ্তন"- 3


“আৱৰ্তন” ত অভিনয় কৰিছে মৃদুলা বৰুৱা, তপন দাস, জয়ন্ত দাস, চেতনা দাসৰ লগতে আৱাহন থিয়েটাৰৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.