“বালাকোট এয়াৰ এট্টেক” ক কেন্দ্ৰ কৰি ছবি নিৰ্মাণ কৰিম বুলি কোৱাত সাংঘাতিক ধৰণে ট্ৰ’লৰ সন্মুখীন হ’ল অভিনেতা বিবেক ওৱেৰয়। চচিয়েল মিডিয়াত বিবেকক উদ্দেশ্যি বিভিন্নজনে শুনালে কটু বাক্য।

আছলতে, অভিনেতা গৰাকীক লৈ জনসাধাৰণৰ মনত থকা ক্ষোভটো হৈছে পূৰণা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিক বনোৱাত অভিনেতা গৰাকী সফল নোহোৱাত বহুতে বিশ্বাস কৰিছে যে অভিনেতা গৰাকীয়ে “বালাকোট এয়াৰ এট্টেক” ৰ কাহিনীকো নষ্ট কৰি পেলাব। এজন লোকে বিবেক ওবেৰয়ক শান্তিত থাকিব কোৱাৰ লগতে কোনোজনে কয় যে তেওঁ আশা কৰিব যাতে মোদীৰ বায়’পিক ছবিখন নষ্ট কৰাৰ দৰেই এইখনো যাতে তেওঁ বৰবাদ কৰি নেপেলায়। তেওঁক লৈ বিভিন্নজনে কৰা টুইটবোৰ চাওঁচোন আহক-
Add comment