জান্হৱী কাপুৰক লৈ পুনৰ চলিছে চচিয়েল মিডিয়াত চৰ্চা। বহুলোকৰ টাৰ্গেট হৈ পৰিছে অভিনেত্ৰী গৰাকী। অলপতে, অভিনেত্ৰী গৰাকী উপস্থিত হৈছিল “কলিং সহমত” শীৰ্ষক এখন কিতাপৰ প্ৰথম প্ৰদৰ্শনীৰ অনুষ্ঠানত।




এইখিনিলৈ সকলো ঠিকেই আছিল; কিন্তু কিতাপখন হাতত লৈ যেতিয়া তেওঁ ফটো উঠিবলৈ আহিল তাতেই লাগিল অথন্তৰ। অভিনেত্ৰী জান্হৱী কাপুৰে কিতাপখন ওলোটাকৈ লয় উঠিলে ফটোসমূহ। তেওঁ কিতাপখন এনেধৰণেৰে ধৰি ৰাখিছিল য’ত কিতাপখনৰ নামটোও লুকাই পৰিছিল আৰু এই কথাটোক লৈ এতিয়া অভিনেত্ৰী গৰাকী সন্মুখীন হ’বলগীয়া হৈছে ট্ৰ’লৰ। বহু ব্যক্তিয়েটো তেওঁক কিতাপ পঢ়িব নজনা বুলিও মন্তব্য কৰে।
Add comment