Rupaliparda.com

“ৰেলৱে ষ্টেচনত বহুত ছোৱালীৰ লগত মই প্ৰেম কৰিছো”-শ্বাহৰুখ খান

বান্দ্ৰা ৰেলৱে ষ্টেচনৰ ১৩০ বছৰীয়া যাত্ৰা উপলক্ষে এখন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীখনত মূখ্য অতিথি ৰূপত উপস্থিত থাকে বলীউডৰ কিং শ্বাহৰুখ খান। অভিনেতা গৰাকীয়ে তাত কৰা এটা মন্তব্য প্ৰায় ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত।


ওৱেষ্টৰ্ন ৰেলৱেৰ অফিচিয়েল পেজ এটাত আপলোড হোৱা এই ভিডিঅ’টোত অভিনেতা গৰাকীয়ে মন্তব্য কৰা শুনা যায় যে, “মই ইয়াত উপস্থিত হৈ আনন্দ অনুভৱ কৰিছো। মই বহুত ৰেলৱে ষ্টেচনৰ বহুত ছোৱালীৰ লগত প্ৰেম কৰিছো। কিন্তু এই বান্দ্ৰা ষ্টেছনটো ৰৈ গৈছিল।”

"ৰেলৱে ষ্টেচনত বহুত ছোৱালীৰ লগত মই প্ৰেম কৰিছো"-শ্বাহৰুখ খান 1


উক্ত ভিডিঅ’টি ভাইৰেল হৈ পৰা পিছতেই তেওঁৰ বহু অনুৰাগীয়ে জানিব খুজিছিল যে অভিনেতা গৰাকীয়ে আছলতে ৰেলৱে ষ্টেচনৰ কোন ছোৱালীক ভাল পোৱাৰ কথা কৈছে!!

"ৰেলৱে ষ্টেচনত বহুত ছোৱালীৰ লগত মই প্ৰেম কৰিছো"-শ্বাহৰুখ খান 2


আপোনালোকক কৈ থওঁ যে, বলীউডৰ কিং খানে তেওঁৰ অভিনয় জীৱনৰ প্ৰেমৰ কথাহে কৈছিল। “দিলৱালে দুলহনিয়া লে যায়েংগে”, “ৱীৰ-ঝাৰা”, ” দিল সে”, “চেন্নাই এক্সপ্ৰেছ” আদিত তেওঁ ট্ৰেইন আৰু ষ্টেচনত কাম কৰিছে গতিকে উক্ত কথাষাৰ ইয়াক কেন্দ্ৰ কৰিয়ে অভিনেতা গৰাকীয়ে কৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.