৩০ আগষ্ট তাৰিখে মুক্তি পাব ছবি “চাহো”। ছবিখনক লৈ অনুৰাগীয়ে দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি আছে। ছবিখনৰ পষ্টাৰৰ পৰা আদি কৰি মুক্তি প্ৰাপ্ত সংগীত কেইটা লগতে ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে লাভ কৰিছিল ব্যাপক হাৰত দৰ্শকৰ সমাদৰ। আজি আমি আপোনালোকক দিম এনে ৪ টা কাৰণ; যিয়ে আপোনালোকক ছবি খনৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তুলিব-

১. প্ৰথমতে, দক্ষিণৰ অভিনেতা প্ৰভাসৰ “চাহো” খনেই হৈছে প্ৰথম হিন্দী ডেবিউ। ইয়াৰ লগতে, ২০১৭ চনৰ “বাহুবলী ২ঃ ডা কনক্লুজন” ৰ পিছৰ পৰা তেওঁৰ ছবি ডাঙৰ পৰ্দালৈ অহা নাই। গতিকে, “চাহো” ৰ লগতে প্ৰভাসৰ ছবি চাবলৈ উৎসাহী তেওঁৰ অনুৰাগী।
২. দ্বিতীয়টো কাৰণ হৈছে; প্ৰভাস-শ্ৰদ্ধাৰ এই যুঁটিটো একেবাৰেই নতুন।ছবিখনৰ ট্ৰেইলাৰটোত দেখিবলৈ পোৱা প্ৰভাস-শ্ৰদ্ধাৰ কেমেষ্ট্ৰীয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰিছে ; গতিকে সম্পূৰ্ণ ছবিখনত এওঁলোকৰ কেমেষ্ট্ৰী অধিক দেখিবলৈ পোৱা যাব।

৩. তৃতীয়তে, ৩৫০ কোটি টকীয়া বাজেটৰ এই ছবিখনত কেৱল মাত্ৰ এটা একচন দৃশ্যৰ বাবে খৰচ কৰা হৈছিল ২৫ কোটি টকা। এই দৃশ্যটো শ্বুট কৰা হৈছিল বিশ্বৰ আটাইতকৈ ডাঙৰ বিল্ডিং য়ানী বুৰ্জ খলীফাৰ ওচৰত।
৪. ছবিখনত নিগেটিভ চৰিত্ৰত কেইবাজনো জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰিছে যেনেঃ জেকী শ্ৰফ, চাংকী পাণ্ডে, মহেশ মাঞ্জেকাৰ, নীল নীতিন মুকেশ, টিনু আনন্দ আৰু মন্দিৰা বেদী।

Add comment