Rupaliparda.com

এইবাৰ গণিতজ্ঞৰ ৰূপত বিদ্যাঃ

“মিছন মংগল” ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰা বিদ্যা বালনক দেখা পোৱা যাব এখন বায়’পিকত। গণিতজ্ঞ অৰ্থাৎ গণিতৰ জিনিয়ছ শকুন্তলা দেৱীৰ জীৱনীত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক।

এইবাৰ গণিতজ্ঞৰ ৰূপত বিদ্যাঃ 1


বিদ্যা বালনে শকুন্তলা দেৱীৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ উৎসাহিত হোৱাৰ লগতে অভিনেত্ৰী গৰাকীয়ে শকুন্তলা দেৱীৰ চৰিত্ৰটোৰ সৈতে খাপ খাবলৈ নিজৰ চুলি “বব কাট” কৰিবলৈও সাজু হৈ পৰিছে।

এইবাৰ গণিতজ্ঞৰ ৰূপত বিদ্যাঃ 2


ছবিখনক উদ্দেশ্যি অভিনেত্ৰী গৰাকীয়ে কয় যে “মোক তেওঁৰ (শকুন্তলা দেৱীৰ) মেগনেটিক পাৰ্ছনেলিটি তথা তেওঁৰ জীৱনশৈলীয়ে আকৰ্ষিত কৰিছিল। মই তেওঁৰ ২০ বছৰ বয়সৰ পৰা আৰম্ভ কৰি তেওঁৰ মৃত্যুৰ সময়ছোৱালৈ চৰিত্ৰটোত অভিনয় কৰিম।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.