বলীউড চলচিত্ৰ জগতৰ চুলতান ছলমান খান এতিয়া ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “ডবংগ-৩” ৰ শ্বুটিংত। “ডবংগ” ৰ এইবাৰৰ সংস্কৰণটোক আৰু অধিক শক্তিশালীকৈ দৰ্শকৰ ওচৰত উপস্থাপন কৰিবলৈ ছলমানে দিনে-ৰাতিয়ে কষ্ট কৰিছে। এইবাৰ ছবিখনত তেওঁ অভিনয় কৰাৰে লগতে সহঃনিৰ্মাতা হিচাপেও কাম কৰিছে ফলত ছবিখনৰ প্ৰত্যেকটো খুঁটি-নাটি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিছে অভিনেতা গৰাকীয়ে।

দক্ষিণৰ অভিনেতা সুদীপে এইবাৰ “ডবংগ-৩” ত এগৰাকী ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰিছে। তেওঁ এক সাক্ষাৎকাৰত কয় যে,ছলমান খানে প্ৰায়ে ছেটত ছবিখনৰ ডায়লগবোৰ লিখি থাকে। ছলমানে নিজৰ সন্তানৰ দৰেই ভাবে এই ছবিখনক।

লগতে, ছলমান খানে নিজৰ বাহিৰে আনৰ চৰিত্ৰ সমূহো শুধৰাবলৈ চেষ্টা কৰা বুলি অভিনেতা গৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে, ছলমান খানে পূৰ্বেও নিজ ছবিৰ ডায়লগ নিজে লিখিছে। “বীৰ” ছবিখনত ডায়লগ আছিল ছলমান খানৰ।
Add comment