৯০ দশকৰ কলেজীয়া জীৱনত সংঘটিত হোৱা ৰাজনৈতিক ভেঁটিটোক লৈ নিৰ্মাণ কৰা হ’ব ছবি। “হুৰডংগ” শীৰ্ষক ছবিখনত ৯০ দশকৰে এগৰাকী কলেজীয়া ছাত্ৰৰ ৰূপত দেখিবলৈ পোৱা যাব “গলী বয়” ৰ অভিনেতা বিজয় বৰ্মাক। ছাত্ৰৰ এই চৰিত্ৰটোৰ বাবে অভিনেতা গৰাকীয়ে কৰিবলগীয়া হৈছিল কেইবাটাও লুক টেষ্ট।


ছবিখনক লৈ বিজয় বৰ্মাই কয় যে এই ছবিখনত তেওঁ নিজক লোহা সিং ৰ চৰিত্ৰটোৰ সৈতে খাপ খুৱাব বিচাৰিছে। লগতে চৰিত্ৰটোৰ বিশেষত্ব ক্ৰমে শক্তি আৰু নেতৃত্ববোধ-এই দুয়োটা বস্তুয়েই তেওঁ নিজৰ ষ্টাইলিং ত বিচাৰিছে বুলি মত প্ৰকাশ কৰে।
Add comment