অসমীয়া চলচিত্ৰ জগততেই হওঁক নাইবা নাটক, ধাৰাবাহিকেই হওঁক; সকলো ক্ষেত্ৰতে নিজক এগৰাকী সফল অভিনেতাৰূপে চিনাকী দিছিল এই অভিনেতাগৰাকীয়ে। ক্ৰিকেটৰ ষ্টেট চেম্পিয়ন হোৱাৰ লগতে তেওঁ দৰ্শকক নিজৰ প্ৰত্যেকটো চৰিত্ৰৰে কেতিয়াবা হহুঁৱাইছে আৰু কেতিয়াবা কন্দুৱাইছে। বৰ্তমান ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “ভাড়াঘৰ” ৰ তেওঁ মূখ্য চৰিত্ৰত অভিনীত। “কাকতি” নামেৰে তেওঁ হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় জিনিছে।

আজি ৰূপালী পৰ্দাৰ সাক্ষাৎকাৰ বিশেষত আমি কথা পাতিছিলো এই গৰাকী জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ সৈতে। আহকচোন চাওঁ-
প্ৰশ্নঃ”ভাড়াঘৰ” ধাৰাবাহিক খনৰ লগত আপুনি কেনেদৰে জড়িত হৈ পৰিল? ধাৰাবাহিকখনে ইমান দিনীয়া যাত্ৰা অতিক্ৰম কৰিব বুলি ভাবিছিল নে??
জয়ন্ত ছাৰঃ ক’বলৈ গ’লে আছলতে ধাৰাবাহিক খন আৰম্ভ হৈছিল মোৰ গাড়ীতেই। প্ৰয়াত অচ্যুত ভাগৱতী (ৰং চেনেলৰ সৈতে জড়িত); তেওঁৰেই আইডিয়া আছিল এই চিৰিয়েলখন। তেওঁ আইডিয়াটো মোৰ বন্ধু ও এজন লিখক ৰমেন গোস্বামীক দিলে। তাৰ পিছত আৰু কি? মই আৰু তেওঁলোক দুয়োজনে মোৰ গাড়ীত বহি ধাৰাবাহিকৰ সংলাপ, শ্বুটিং ক’ত কৰা হ’ব ইত্যাদি কথাবোৰৰ ওপৰত আলোচনা কৰিছিলো।
প্ৰথমতে, ধাৰাবাহিকখন এমাহ হোৱাৰ কথা আছিল। কিন্তু লাহে লাহে যেতিয়া ধাৰাবাহিকখনে জনপ্ৰিয়তা লাভ কৰিলে; দৰ্শকে পচন্দ কৰিবলৈ ল’লে তেতিয়াই ই আহি আজিৰ পৰ্যায় অৰ্থাৎ ২-৩ হাজাৰ খণ্ড অতিক্ৰম কৰিলে।

প্ৰশ্নঃ কেওঁট -কাকতি ৰ মাজত ৰিয়েল লাইফৰ সম্পৰ্কটো কেনেকুৱা??
জয়ন্ত ছাৰঃ নাই নাই নাই!! আমি সাংঘাতিক ভাল বন্ধু। চৰিত্ৰনুযায়ীহে আমি এনেধৰণৰ অভিনয় কৰিবলগীয়া হয় কিন্তু আমি বিৰাট ভাল বন্ধু। একেলগে আমি নাটক কৰো।

প্ৰশ্নঃ “ৰাজু গুণ্ডা” ৰ পৰা জয়ন্ত দাস আৰু তাৰ পিছত “কাকতি” ৰ এই দীৰ্ঘদিনীয়া বাটছোৱাত আপোনাৰ জীৱনৰ কিবা সাংঘাতিক সলনি হ’লনে?
জয়ন্ত ছাৰঃ উমম! সাংঘাতিক সলনি হৈছে; ডেফিনেটলি হৈছে। মোৰ চিন্তা-ধাৰাৰ, মোৰ মানসিকতাৰ, মোৰ দৃষ্টিভংগীৰ সলনি হৈছে। মই যেতিয়া গুণ্ডা আছিলো, তেতিয়া গুণ্ডাই আছিলো। অইন আৰু একো নাছিল তাত।
মই ক্ৰিকেট প্লেয়াৰহে আছিলো তাৰ পিছত মই লাহেকৈ নাটকলৈ আহিলো। আছলতে, মই নাটকত যিকেইজন ব্যক্তিৰ সৈতে কাম কৰিছো; যাৰ পৰিচালনা,প্ৰযোজনাত অভিনয় কৰিছো, যাৰ স্ক্ৰীপ্ট মই পঢ়িছো যেনে ধৰি লোৱা কৃষ্ণমুক্তি হাজৰিকা, পবিত্ৰ কুমাৰ ডেকা, সঞ্জীৱ হাজৰিকা বা অমূল্য কাকতি, দুলাল ৰয় ছাৰ সেই আটাইকেইজন ব্যক্তিয়ে পণ্ডিতসম।
তাৰ পিছত মোক যেতিয়া চিনেমা জগতলৈ মাতি অনা হ’ল তাত দাদা আহমেদ, মুনীন বৰুৱা বা আব্দুল মজিদেই হওঁক মই প্ৰত্যেকজন ব্যক্তিৰ সৈতেই কাম কৰিছো।
কিন্তু, যেতিয়াৰ পৰা ভৱেন শইকীয়া ছাৰক লগ পালো তেতিয়াৰ পৰাই মোৰ দৃষ্টিভংগী,মোৰ মানসিকতা সকলো সলনি হৈ গৈছিল। মই মোৰ জীৱনটো নতুনকৈ চাব লৈছিলো। তেতিয়া ভাৱ হৈছিল যে নাই মই জীৱনটোৰ গতি সলনি কৰিব লাগিব। গতিকে, এক কথাত ক’বলৈ হ’লে, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পোৱা পিছৰ পৰা এটা সুসংগবদ্ধ জীৱন জীয়াবলৈ লৈছিলো।

প্ৰশ্নঃ. আপুনি নাটক বা অভিনয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিছিল?
জয়ন্ত ছাৰঃ সৰুতেটো স্কুলত, বাল ভৱন আদিত অভিনয় কৰিছিলো; নাটক কৰিছিলো। সেইবোৰ ধৰিব নোৱাৰি বাৰু। কিন্তু যেতিয়া মই কটনত পঢ়িছিলো তেতিয়া মোৰ লগৰ আৰু বৰ্তমানৰ জ্যেষ্ঠ ন্যায়াধিস উজ্জ্বল ভূঞা; তেওঁ মোক ক’লে যে- “অই তোৰ মাতটো ইমান ডাঙৰ তই নাটক নকৰ কিয়?”। তাৰ পিছতেই মই মোৰ প্ৰথম গুৰু অজিত বৈশ্য দাৰ সান্নিধ্যলৈ আহিলো আৰু আৰম্ভ কৰি দিলো নাটক।
কথাটো কি জানা? মোৰ দেহত দুই ধৰণৰ তেজ বয়; এটা হ’ল মোৰ দেউতাৰ ফালৰ আৰু এটা মোৰ মাৰ ফালৰ। মোৰ দেউতা হতঁৰ খেলৰ প্ৰতি টান আছিলে গতিকে মই মোৰ জীৱনৰ এটা কাল খেলিলো। ইপিনে মোৰ মাৰ পৰিয়ালটো আছিলে অভিনয়ৰ সৈতে জড়িত; মোৰ সৰু মামা বাদল দাস আৰু মোৰ ডাঙৰ মামা শৰৎ দাস (গোৱৰ); তেওঁ “ইটো-সিটো-বহুতো”, “লটি-ঘটি” আদি ছবিত অভিনয় কৰিছে। গতিকে সেইটো পিনেই মই ঢাল খাই পৰিলো নেকি!! নাটক কৰি ভাল লাগিল আৰু অভিনয়ৰ সৈতেই জড়িত হৈ ৰ’লো।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।
জয়ন্ত ছাৰঃ মই নিজে ছবি বনোৱাৰ পৰিকল্পনা কৰিছো। পৰিকল্পনা কৰিছোহে; চাওঁচোন কিমান দূৰ সফল হ’ব পাৰো।

……ছাৰ ধন্যবাদ। আপোনাৰ মূল্যৱান সময়কণ আমাক দিয়াৰ বাবে।
জয়ন্ত ছাৰঃ ধন্যবাদ।
Add comment