চলিত বৰ্ষৰ জুলাই মাহতেই মাৰ্বল ষ্টুডিঅ’জে নিজৰ কেইবাটাও প্ৰজেক্টৰ বিষয়ে দৰ্শকক জনাইছিল। “আইৰন মেন”, “ডা এভেঞ্জাৰ” কে ধৰি মাৰ্বল কমিক্সৰ এটা জনপ্ৰিয় চৰিত্ৰ “ব্লেক ৱিডো” ৰ কথাও উল্লেখ কৰিছিল।

“ব্লেক ৱিডো” ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পষ্টাৰ মুকলি কৰি দিয়া হৈছে। পষ্টাৰ খনত স্কাৰ্লেট জোহানসনক দেখা পোৱা গৈছে এটা অন্য ৰূপত। এটা চুপাৰহিৰোৰ চৰিত্ৰৰ বাবে স্কাৰ্লেটে পিন্ধা সাজ-পাৰ যোৰেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। অহা ২০২০ চনত ১ মে’ তাৰিখে মুক্তি পাব উক্ত ছবিখন।
Add comment