বছৰি ঈদৰ সময়ছোৱাত নিজৰ ছবি মুক্তি দিয়া ছলমান খানে বহু বছৰৰ পিছত কাম কৰিব পৰিচালক সঞ্জয় লীলা ভাঞ্চালিৰ সৈতে। “ইনছাল্লাহ” শীৰ্ষক ছবিখনত একেলগে কাম কৰিব দুয়ো অভিনেতা-পৰিচালকে। ছবিখনত অভিনেত্ৰী হিচাপে থাকিব আলিয়া ভাট।

ছলমান-আলিয়াৰ যুঁটিটো আপুনি যদি এইবাৰৰ ঈদতেই দেখিবলৈ পাম বুলি অপেক্ষা কৰি আছে; তেন্তে আৰু অপেক্ষা নকৰিব। কাৰণ “ইনছাল্লাহ” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে পিছুৱাই দিয়া হৈছে। লগতে, বৰ্তমানলৈ ছবিখনৰ সঠিক মুক্তিৰ তাৰিখ নিৰ্দ্ধাৰণ কৰা হোৱা নাই।

অভিনেতা ছলমান খানেই এক টুইটযোগে এই কথা দৰ্শকক জানিবলৈ দিয়ে। কিন্তু, এইখিনিতে অনুৰাগীৰ বাবে তেওঁ ভাল খবৰো এটা এৰিছে। তেওঁক “ইনছাল্লাহ” ত দৰ্শকে নেদেখে যদিও তেওঁক ২০২০ চনৰ ঈদত দেখিবলৈ পোৱাটো নিশ্চিত বুলি টুইটযোগে অভিনেতা গৰাকীয়ে জানিবলৈ দিয়ে।
Add comment