অহা ৬ চেপ্তেম্বৰত মুকলি পাব যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনৰ “কাঞ্চনজংঘা”। পষ্টাৰ অথবা ছবিখনৰ ট্ৰেইলাৰ আৰু “ধুলিকণা” গীতটিৰ পিছতেই ছবিখনৰ আন এটি গীত “প্ৰীতিভৰা” ই ইতিমধ্যে মুক্তি লাভ কৰিছে। মুক্তিৰ পিছতেই চচিয়েল মিডিয়াত গীতটিয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


আপোনালোকক জনাই থওঁ যে “কাঞ্চনজংঘা” ছবিখন সমাজৰ তথাকথিত কিছু নিয়মক উদ্দেশ্যি নিৰ্মাণ কৰা হৈছে। নেতা-বিষয়াৰ কেলেংকাৰীৰ পৰা আদি কৰি ছবিখনত জাতিভেদৰ কিছু নগ্ন নীতিকো উপস্থাপন কৰা হ’ব।
Add comment