Rupaliparda.com

অক্ষয়ৰ পৰিৱৰ্তে “ভুল ভুলেইয়া” ত কিয় লোৱা হ’ল কাৰ্তিক আৰিয়নক??

২০০৭ চনত ছবিগৃহত মুক্তিপ্ৰাপ্ত বলীউড ছবি “ভুল ভুলেইয়া” তাহানিতে দৰ্শকক এক বৃহৎ অংকত আমোদ প্ৰদান কৰি থৈছে। ছবিখনৰ দ্বিতীয় সংস্কৰণটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে সন্নৱিষ্ট কেইখনমান পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। কিন্তু এইখিনিতে কথাটো হ’ল যে; আগৰ বাৰৰ দৰে দৰ্শকে এইবাৰ দেখিবলৈ নাপাব অক্ষয় কুমাৰৰ কমেডী। দৰ্শকক এইবাৰ নিজৰ কমেডীৰে নহহুৱাই অভিনেতা গৰাকীয়ে।

অক্ষয়ৰ পৰিৱৰ্তে "ভুল ভুলেইয়া" ত কিয় লোৱা হ'ল কাৰ্তিক আৰিয়নক?? 1


অক্ষয় কুমাৰৰ সলনি “ভুল ভুলেইয়া” ত অভিনয় কৰিব কাৰ্তিক আৰিয়নে। ছবিখনত অক্ষয়ৰ পৰিৱৰ্তে কাৰ্তিক আৰিয়নে অভিনয় কৰিব বুলি যেতিয়াই গম পোৱা গৈছিল তেতিয়াৰ পৰা একাংশ দৰ্শকে ইয়াৰ সঁহাৰি জনাইছিল আৰু আন একাংশই কাৰ্তিক আৰিয়নক ট্ৰ’ল কৰিছিল।

অক্ষয়ৰ পৰিৱৰ্তে "ভুল ভুলেইয়া" ত কিয় লোৱা হ'ল কাৰ্তিক আৰিয়নক?? 2


এনেক্ষেত্ৰত পৰিচালক আনিস বাঝমিয়ে নিজৰ মুখ খোলে আৰু কয় যে, তেওঁ কিয় উক্ত ছবিখনৰ বাবে কাৰ্তিক আৰিয়ানক লৈছিল। তেওঁৰ মতে, কাৰ্তিক আৰিয়ন হৈছে এনে এজন অভিনেতা যাৰ তাত প্ৰচুৰ পৰিমাণে কমেডীৰ প্ৰৱণতা আছে আৰু অভিনেতা গৰাকীৰ মুখত শিশুসুলভ এক ভাৱ আছে; যিটো তেওঁ অভিনেতা অক্ষয় কুমাৰৰ মাজতো পাইছিলে। গতিকে এয়াই কাৰণ আছিল কাৰ্তিক আৰিয়নক “ভুল ভুলেইয়া” ছবিখনৰ বাবে গ্ৰহণ কৰাৰ।

অক্ষয়ৰ পৰিৱৰ্তে "ভুল ভুলেইয়া" ত কিয় লোৱা হ'ল কাৰ্তিক আৰিয়নক?? 3


২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ অইন “কাষ্ট” ৰ কথা বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.