Rupaliparda.com

স্মৃতিৰ টোপোলাৰ পৰা- অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা পৰিচালকঃ

অসমীয়া চলচিত্ৰ জগতৰ প্ৰথম গৰাকী মহিলা চলচিত্ৰ পৰিচালিকা হৈছে সুপ্ৰভা দেৱী। সংগীত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ লগতে প্ৰযোজক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পিছত ছবি পৰিচালনাৰ সৈতেও তেওঁ জড়িত হৈ পৰে।

স্মৃতিৰ টোপোলাৰ পৰা- অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা পৰিচালকঃ 1


তেওঁ নিজ স্বামীৰ সৈতে মিলি কেইবাখনো ছবি প্ৰযোজনা কৰে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ “নয়নমণি” নামে ছবিখন পৰিচালনা কৰে ; য’ত অভিনয় কৰে নিপন গোস্বামী আৰু বিদ্যা ৰাওয়ে। লগতে, লক্ষ্মীনাথ বেজবৰুৱাৰ “সৰৱজান” সাধুকথাৰ আধাৰত একে নামৰ ছবি পৰিচালনা কৰে সুপ্ৰভাই।

স্মৃতিৰ টোপোলাৰ পৰা- অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা পৰিচালকঃ 2


১৯৮৫ চনত অসম চৰকাৰৰ দ্বাৰা “শিল্পী দিৱস বঁটা” লাভ কৰা এই পৰিচালক গৰাকীয়ে দূৰদৰ্শনত প্ৰচাৰিত হোৱা কেইবাখনো তথ্যচিত্ৰ আৰু ধাৰাবাহিক প্ৰযোজনা ও পৰিচালনা কৰিছে। ইয়াৰ ভিতৰত ২০০৩ চনত পৰিচালিত “জিলিকাব লুইতৰে পাৰ” ধাৰাবাহিক খন উল্লেখযোগ্য।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform