সফলতাই মানুহক ক’ৰ পৰা ক’লৈ নিব পাৰে বাৰু?? সফলতাৰ উদাহৰণ যদি আপুনি ক’ৰবাত বিচাৰিছে তেনেহ’লে চাওঁক ৰাণু মণ্ডলক। ৰেলৱে ষ্টেচনত গীত গাই জীৱিকা নিৰ্বাহ কৰা ৰাণু মণ্ডল বৰ্তমান বলীউডৰ চিলেব্ৰিটী। ইটোৰ পিছত সিটো সফলতাক চুমিছে ৰাণুৱে।

হিমেশ ৰেচমিয়াৰ সৈতে প্ৰথমটো গীত “তেৰি মেৰি কাহানী” ৰ ৰেকৰ্ডিঙৰ পিছত এইবাৰ তেওঁ ব্যস্ত হৈ পৰিছে দ্বিতীয়টো গীত “আদত” ৰ ৰেকৰ্ডিঙত।
গীতৰ সমানে চৰ্চা লাভ কৰিছে ৰাণু মণ্ডলৰ ব্যক্তিগত জীৱনেও। তেওঁৰ সন্তানে মাকৰ সফলতা দেখি ধপলিয়াই অহাৰ পৰা আদি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৰাণুৱে কিমান বাৰ আবদ্ধ হৈছে বিবাহপাশত। তেওঁৰ ধনাত্মক দিশৰ লগতে চচিয়েল মিডিয়াই তেওঁক লৈ সৃষ্টিও কৰিছে “মিমচ” ৰ।

সফলতাই মূৰত ধৰাৰ লগতে তেওঁক লৈ অনাহকত সৃষ্টি হোৱা কিছু বাতৰিকো একাংশই শুনাইছে কটু বাক্য। গতিকে,ভৱিষ্যতলৈ কি হ’ব ৰাণুৰ ভৱিষ্যত; সেয়া হ’ব লক্ষ্যণীয়।
Add comment