Rupaliparda.com

ভৱিষ্যতলৈ কি হ’ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ??

সফলতাই মানুহক ক’ৰ পৰা ক’লৈ নিব পাৰে বাৰু?? সফলতাৰ উদাহৰণ যদি আপুনি ক’ৰবাত বিচাৰিছে তেনেহ’লে চাওঁক ৰাণু মণ্ডলক। ৰেলৱে ষ্টেচনত গীত গাই জীৱিকা নিৰ্বাহ কৰা ৰাণু মণ্ডল বৰ্তমান বলীউডৰ চিলেব্ৰিটী। ইটোৰ পিছত সিটো সফলতাক চুমিছে ৰাণুৱে।

ভৱিষ্যতলৈ কি হ'ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ?? 1


হিমেশ ৰেচমিয়াৰ সৈতে প্ৰথমটো গীত “তেৰি মেৰি কাহানী” ৰ ৰেকৰ্ডিঙৰ পিছত এইবাৰ তেওঁ ব্যস্ত হৈ পৰিছে দ্বিতীয়টো গীত “আদত” ৰ ৰেকৰ্ডিঙত।


গীতৰ সমানে চৰ্চা লাভ কৰিছে ৰাণু মণ্ডলৰ ব্যক্তিগত জীৱনেও। তেওঁৰ সন্তানে মাকৰ সফলতা দেখি ধপলিয়াই অহাৰ পৰা আদি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৰাণুৱে কিমান বাৰ আবদ্ধ হৈছে বিবাহপাশত। তেওঁৰ ধনাত্মক দিশৰ লগতে চচিয়েল মিডিয়াই তেওঁক লৈ সৃষ্টিও কৰিছে “মিমচ” ৰ।

ভৱিষ্যতলৈ কি হ'ব ৰাণুৰ ভৱিষ্যত?? সফলতাই আনিব নেকি অহংকাৰ?? 2


সফলতাই মূৰত ধৰাৰ লগতে তেওঁক লৈ অনাহকত সৃষ্টি হোৱা কিছু বাতৰিকো একাংশই শুনাইছে কটু বাক্য। গতিকে,ভৱিষ্যতলৈ কি হ’ব ৰাণুৰ ভৱিষ্যত; সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.