Rupaliparda.com

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ’ল আলিয়াঃ

ভন্সালি আৰু ছলমানৰ মাজত ৰৈ গ’ল আলিয়া। দীপিকা-ৰণৱীৰক এৰি বহু দিনৰ মূৰত সঞ্জয় লীলা ভন্সালিৰ ছবি “ইনছাল্লাহ” ত বলীউডৰ অইন অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছিল। ছলমান আৰু আলিয়াক ছবিখনৰ বাবে লৈ লোৱা পিছতেই কোনো কাৰণবশতঃ ঘোষণা কৰা হ’ল যে ছবিখনৰ শ্বুটিং ৰখাই দিয়া হৈছে।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 1


ভন্সালি প্ৰডাকচনৰ ফালৰ পৰা এই ঘোষণাটি কৰা পিছতেই ছলমান ব্যস্ত হৈ পৰিছিল নিজৰ আহিবলগীয় ছবিৰ শ্বুটিঙত। কিন্তু, এই ঘোষণাটিৰ পৰা লোকচানত ভুগিবলগীয়া হ’ল আলিয়া। “ইনছাল্লাহ” ত লৈ লোৱা পিছতেই আলিয়াই লাভ কৰিছিল কেইবাখনো ছবিৰ অফাৰ।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 2
সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 3


জানিব পৰা মতে, অভিনেত্ৰী গৰাকীক আমিৰ খানৰ ছবি এখনৰ বাবেও দিয়া হৈছিল অফাৰ। কিন্তু সঞ্জয়-ছলমানক এৰি আলিয়াই যাবলৈ বিচৰা নাছিল অইন ছবিৰ বাবে। গতিকে “ইনছাল্লাহ” ৰ শ্বুটিং ৰখাই দিয়া বাতৰিটোৱে এতিয়া বেছি দুখ দিছে অভিনেত্ৰী গৰাকীক।

সঞ্জয়-ছলমানৰ মাজৰ ৰৈ গ'ল আলিয়াঃ 4


নিদিবনো কিয়??? আমিৰ খানৰ সৈতে ছবি কৰাৰ সুবিধা বাৰে বাৰেটো লাভ কৰা নহয়। হয়নে??

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform