Rupaliparda.com

“মই মোৰ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নুখোজো”- বিদ্যা বালন

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী অভিনেত্ৰী হৈছে বিদ্যা বালন। তেওঁ অভিনয়ৰ এক সুকীয়া চিনাকী থকাৰ লগতে তেওঁ বলীউডত কেইবাখনো হিট ছবি দিছে।

"মই মোৰ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নুখোজো"- বিদ্যা বালন 1


কিন্তু এইখিনিতে, মন কৰিবলগীয়া যে অভিনেত্ৰী গৰাকীয়ে নিজ প্ৰযোজক স্বামী সিদ্ধাৰ্থ ৰয় কাপুৰৰ সৈতে এখনো ছবি কৰা নাই আৰু অভিনেতা গৰাকীয়ে কোনোদিন নকৰো বুলিও মত প্ৰকাশ কৰে।

"মই মোৰ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নুখোজো"- বিদ্যা বালন 2


অভিনেত্ৰী গৰাকীৰ মতে, তেওঁ যদি কোনো ছবি কৰি থকা সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেতিয়া তেওঁ পৰিচালক অথবা প্ৰযোজকক টানকৈও ক’ব পাৰে কিন্তু তেওঁ নিজ স্বামীৰ সৈতে তেনে আচৰণ কৰিব নোৱাৰে। অভিনেত্ৰী গৰাকীয়ে কয় যে, “মই মোৰ স্বামীৰ সৈতে সম্পৰ্কটো নষ্ট কৰিব নুখোজো। এনেকুৱা বহুবাৰ হৈছে য’ত এখন স্ক্ৰীপ্ট মোৰ আৰু সিদ্ধাৰ্থৰ সমানে পচন্দ হয়; কিন্তু শেষলৈ আমাৰ দুটাৰ কোনোবাজনে তাক এৰি দিয়ো।”

"মই মোৰ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নুখোজো"- বিদ্যা বালন 3


নিজৰ স্বামীৰ সৈতে টকা পইচাক লৈ কাজিয়া কৰিবও তেওঁ নিবিচাৰে বুলি ব্যক্ত কৰে অভিনেত্ৰী বিদ্যাই।

Add comment

Leave a Reply

Most popular