বহু প্ৰত্যাশিত ছবি “চাহো” য়ে লাভ কৰিলে মুক্তি। মুক্তিৰ প্ৰথম দিনাই আকাশলংঘী টিকেটৰ দামেৰে ছবিগৃহলৈ যোৱাৰ উপৰিও দীঘলতকৈ দীঘল লাইনত থিয় হৈও দৰ্শকে টিকেট যোগাৰ কৰিছিল। কিন্তু, আশানুসৰি ফল নাপালে ছবিখনে। মুক্তিৰ প্ৰথম দিনা দৰ্শকে য’ত ভাবিছিল যে ছবিখনে ১০০ কোটি টকীয়া তালিকাত অন্তভূৰ্ক্ত হ’ব; সেই ক্ষেত্ৰত দৰ্শকক নিৰাশ কৰিলে ছবিখনে। হিন্দী সংস্কৰণত ছবিখনে মাত্ৰ লাভ কৰিলে ১০ কোটি টকা। ইয়াৰ পৰিৱৰ্তে, ৪০ কোটি টকা লাভ কৰিলে তেলেগু সংস্কৰণে।

দৰ্শকৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰিলেও ছবি সমালোচক তৰণ আদৰ্শে ছবিখনক দিলে ৫ ৰ ভিতৰত ১.৫ শতাংশ।
পৰিচালনাৰ ফালৰ পৰা ছবিখনে ভাল প্ৰদৰ্শন নাই কৰা বুলি কোৱাৰ লগতে তৰণ আদৰ্শে ছবিখনত অযথা টকা খৰচ কৰা বুলিও মন্তব্য কৰে।
Add comment