অহা ৬ চেপ্তেম্বৰ তাৰিখে মুক্তি পাব যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছবি “কাঞ্চজংঘা”। কিন্তু হাৰ্টথ্ৰৱৰ ৰাষ্টাৰ হেঙাৰ হ’ব নেকি বাহুৱলী?? চলিত বৰ্ষৰ ৩০ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত ছবি “চাহো” য়ে অসমৰ দৰ্শকৰ পৰাও লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। ৩৫০ কোটি টকীয়া বাজেটৰ এই ছবিখনত বাহুৱলীৰ একচনে হৃদয় জিনিছে দৰ্শকৰ।

আকৌ, হাৰ্টথ্ৰৱ গৰাকীৰ “কাঞ্চনজংঘা” ৰ ট্ৰেইলাৰ অথবা গীত আৰু ছবিখনৰ প্ৰচাৰেও বহল সংখ্যাত আকৰ্ষণ কৰিছে দৰ্শকক। মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয় সমূহলৈ গৈ জুবিন গাৰ্গে কৰা প্ৰমোচনৰ সময়ছোৱাত একমাত্ৰ তেওঁক চাবলৈয়ে জনসমূদ্ৰ হৈ পৰিছিল। তেনেক্ষেত্ৰত, ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰিব পৰা যায়।

গতিকে, অহা ৬ চেপ্তেম্বৰলৈ গম পোৱা যাব যে দৰ্শকে চাব কোনখন?? আচ্ছা, এতিয়া আমি জানিব বিচাৰিছো আপোনালোকৰ পৰা; কাঞ্চনজংঘা নে চাহো?? কমেন্ট কৰক আৰু জনাওঁক আপোনাৰ মতামত।
Add comment